মোৰ হিয়াৰ বতৰা ল'বলৈ ,
বাটলৈ চাই থাকিম
তুমি অহালৈ ...।
তুমি আহিলে
বুকুৰ ভাষাবোৰ সজাই
কবিতাৰ ৰূপ দিম ,
বৰ হেঁপাহেৰে
পাৰিলে তোমাৰ ছবিও আঁকিম ।
বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম
তুমি মোৰ প্ৰিয় প্ৰেমিকজন বুলি ,
এয়া তুমি মানিব নোৱাৰি
পলাবলৈ ধৰিলে
তোমাৰ পদধূলি মূৰত লৈ
তোমাক মুক্তি দিম ।
কিন্তু একো নোকোৱাকৈ
দূৰলৈ নাযাবা তুমি ,
আজিও কেৱল তোমাৰ নামতেই সজালোঁ
কবিতাৰ মালা ।
পাৰিলে মাথোঁ হৃদয়ত অলপ ঠাই দিয়া ...
তাতেই থাকিম সদায় সুখত ।
✍️ৰুম্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী,হোজাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ