বিশ্ব আয়োডিনৰ অভাৱ দিৱস উপলক্ষে দুআষাৰ••ডাঃ মুনীন্দ্র মেধি

©Admin
0
প্ৰতি বছৰে ২১ অক্টোবৰৰ দিনটো বিশ্ব আয়োডিনৰ অভাৱ দিৱস ৰূপে পালন কৰা হয়।আয়োডিনৰ অভাৱত হোৱা শাৰীৰিক আৰু মানসিক ক্ষতিবোৰৰ বিষয়ে জনসাধাৰণক সজাগ কৰি সেইবোৰ প্ৰতিৰোধৰ ব্যৱস্থা সফল কৰাটোৱেই এই দিৱসৰ উদ্দেশ্য।
   আয়োডিন হৈছে শৰীৰৰ বাবে অত্যাৱশ্যকীয় এক মাইক্ৰোনিট্ৰিয়েণ্ট।বিশেষকৈ মানুহৰ শৰীৰৰ ডিঙিৰ সমুখত অৱস্থিত থাইৰয়ড গ্ৰন্থিৰ স্বাভাৱিক বিকাশৰ বাবে আয়োডিনৰ প্ৰয়োজন। 
  আয়োডিনৰ অভাৱত থাইৰয়ড গ্ৰন্থিটো লাহে লাহে ডাঙৰ হবলৈ ধৰে যাক আমি গৰল বুলি কওঁ। গৰলৰ বাবে কথা কোৱাত অসুবিধা বা মাতটো ভাঙি ভাঙি যাব পাৰে। হাইপোথাইৰডিজিম অৰ্থাৎ শৰীৰত থাইৰয়ড হৰমোন কমি যোৱাৰ ফলত ছালখন শুকাই যোৱা, বেছিকৈ ভাগৰ লগা,দুৰ্বলতা আদি লক্ষণ দেখা দিয়াৰ উপৰিও ই ডিপ্ৰেচন অৰ্থাৎ মানসিক বিষণ্ণতা ৰোগৰো এটা প্ৰধান কাৰণ।
   গৰ্ভৱতী মাতৃয়ে যাতে আয়োডিনৰ অভাৱত নুভুগে তাৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। অন্যথাই প্ৰসৱৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিয়াৰ উপৰিও নৱজাতকটি জন্মগত আয়োডিনৰ অভাৱ ৰোগত ভুগিব পাৰে যাৰ ফলত শাৰীৰিক বিকাশ বাধাগ্ৰস্ত হৈ শিশুটো বাওনা হব পাৰে।ইয়াক ক্ৰেটিন(Cretin) বুলি কোৱা হয়। বুদ্ধিৰো বিকাশ নোহোৱা বাবে শিশুটি মানসিক ভাবেও বাধাগ্ৰস্ত হয়(Intellectual Retardation)।
   হিমালয়ৰ নামনিৰ উত্তৰ পূৰ্বাঞ্চলত আয়োডিনৰ অভাৱত হোৱা ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি।
   আয়োডিনৰ অভাৱত হোৱা স্বাস্থ্যৰ সমস্যাক যথোচিত গুৰুত্ব দি ভাৰত চৰকাৰে ১৯৯২ চনতে জাতীয় আয়োডিনৰ অভাৱত হোৱা ৰোগৰ প্ৰতিৰোধ আঁচনি (National Program for Prevention of Iodine Deficiency Disorder) আৰম্ভ কৰে।
   আয়োডিনৰ অভাৱ প্ৰতিৰোধৰ বাবে কোনো ব্যয়বহুল ব্যৱস্থাৰ প্ৰয়োজন নহয়। আয়োডিনযুক্ত নিমখ সেৱনেই ইয়াৰ সৰ্বোত্তম উপায়।সকলোৱে আয়োডিনযুক্ত নিমখ সেৱন কৰিলেই এই ক্ষেত্ৰত ৯৫% সফলতা লাভ হব।

✍️ডাঃ মুনীন্দ্র মেধি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)