শেৱালি••প্ৰদ্যুত শৰ্মা

©Admin
0
ৰশ্মি  ডেইজী  পৰী আৰু  শেৱালি এই চাৰিওজনীক বিদ্যালয়ৰ সকলোৱে  সদায় একেলগে দেখা পায় | পঞ্চম শ্ৰেণীত নাম লগাবলৈ আহোঁতেই যি একেখন বেঞ্চত বহিল  | আজি তিনিবছৰে সিহঁতৰ এৰা এৰি নাই | প্ৰাৰ্থনা কৰোঁতেও একেলগে বাহিৰলৈ যায় | সভা সমিতি  উৎসৱ পাৰ্বণ সকলো সময়তে একেলগে দেখাতো সৰু কথা | ৰশ্মি আৰু পৰী দুয়োজনী একেখন ঘৰৰে বুলিব পাৰি | ৰশ্মিৰ খুৰাকৰ জীয়েক পৰী  | দুয়োজনী ধমল গাঁৱৰ | ডেইজীৰ ঘৰ পৰ্বতীয়া গাঁৱত আৰু শেৱালিৰ বাৰীচোৱা  গাঁৱত | ৰশ্মি পৰী আৰু ডেইজী তিনিজনী একেলগে আহে | শেৱালি প্ৰায় ভাগ অকলেই অহা যোৱা কৰে | শেৱালিৰ ঘৰ আৰতি বাইদেউৰ ঘৰৰ ওচৰত শেৱালি কেতিয়াবা আৰতি বাইদেউৰ লগত যায় | আৰতি বাইদেৱে শেৱালিক বহুত মৰম কৰে | শেৱালিয়ে আৰতি বাইদেউক নিজৰ মাক বুলি ভাবে | আচলতে শেৱালীৰ মাক শেৱালি ৬বছৰ বয়সতে ঢুকাল | আচলতে ভগৱানে তাইৰ ভাগ্যত মাকৰ মৰম নেলেখিলে | বিদ্যালয় দুদিন বন্ধ হ'লেই শেৱালিৰ ঘৰত মন নবঢ়ে |পঢ়া টেবুলত বঢ়িলে তাইৰ মাকলৈ মনত পৰে তাই কান্দে | দেউতাক ওচৰলৈ আহে আৰু তাইক সুধে 'মাজনী তোৰ কি হৈছে ? তাই চকুপানী মচি দেউতাকক সাৱতি ধৰে আৰু কয় 'দেউতা মোৰ মালৈ বৰকৈ মনত পৰিছে ' দেউতাকে কয় মাজনী বিধিৰ লিখন কেতিয়াও খন্দন নহয় ' তেনেদৰে কয় | শেৱালিৰ বান্ধৱী ৰশ্মি পৰী ডেইজীয়ে শেৱালি থাকোতে শেৱালীৰ বহুত বদনাম গায় | শেৱালীৰ লগত ভাল হৈ থকাৰ অভিনয় কৰে | পেটে পেটে সমূলি দেখিব নোৱাৰে | যদি পৰীক্ষাত শেৱালিয়ে নম্বৰ বেছিপায় সিহঁতি বেয়া পায় | শেৱালিৰ আগত ভালপোৱাৰ অভিনয় কৰে | আচলতে সিহঁতে শেৱালিৰ ভালতো নিবিচাৰে | এদিন আৰতি বাইদেৱে নাইনৰ ক্লাছত ক্লাছ কৰি আছিল | সিহঁতৰ ক্লাছত ছাৰ নাছিল | সুবিধা পাই গোটেই জাকে চিঞৰি উঠিল | ডেইজীহঁতে বিয়া নাম গায় আছিল | আৰতি বাইদেউ সিহঁতৰ আগত থিয় দালেহি সিহঁত  নাম গাই আছিল | আৰতি বাইদেৱে ক'লে 'তোমালোক চাৰিওজনীক মই বহুত বিশ্বাস কৰিছিলোঁ তোমালোকে মোৰ বিশ্বাস ভাঙিলা |ডেইজীহঁত থৰ লাগিল শেৱালিয়ে ক'লে 'বাইদেউ আমাক ক্ষমা কৰি দিয়ক আমি আৰু এনেকুৱা ভুল নকৰোঁ বুলি ক'লে '| বাইদেৱে ক'লে 'তোমালোক তিনিওজনীয়ে এটা মাত নামাতিলা কিন্তু শেৱালীয়ে নিজৰ লগতে তোমালোকৰ কথাও ক'লে এয়াহে প্ৰকৃত বান্ধৱী "' এই বুলি কৈ বাইদেউ ক্লাছলৈ গ'ল | তেতিয়া ডেইজীহতেঁ  উপলব্ধি কৰিলে আৰু ক'লে 'শেৱালী তুমি সচাঁকৈয়ে এপাহ শেৱালি ফুলৰ দৰে | আমি তুমি নজনাকৈয়ে বহুত বৰ্দনাম গাঁও তুমি আমাক ক্ষমা কৰি দিয়া শেৱালী আৰু আমি তেনেকোৱা নকৰোঁ | শেৱালীয়ে ক'লে  মই তোমালোকক ক্ষমা কৰি দিম যদিহে তোমালোক শপত লোৱা ' ডেইজীহঁতে ক'লে 'আমি শপত লৈছো আমি আৰু এনেকুৱা নকৰোঁ | তাৰ পিছৰে পৰা সিহঁতে একেলগে থাকে | শেৱালীয়ে শেৱালী ফুলৰ দৰে গোন্ধ বিলালে |

        ✍️শ্ৰী প্ৰদ্যুত শৰ্মা       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)