কেঁচা তেজৰ সুগন্ধই
কৰি তোলে মোৰ ৰক্ত তপ্ত
ধৰ্মৰ বাবে কৰে যুদ্ধ
মহাশয় কিয় পিছে
লিখিছিলে সংবিধানত
ধৰ্মনিৰপেক্ষ।
সাৰ্বভৌমত্ব যেন হৈ পৰিছে অৰ্থহীন যদিহে নিজৰ মাজত সকলো অমিল ।
নেজানো মই সংগীত বিপ্লৱৰ
তথাপিও সূচনা কৰিবলৈ মন একতা হ'বলৈ এটি উদ্যমৰ ।
দেশখন গঢ়িব নোৱাৰো নে
এক নতুন উদ্যমেৰে নতুন পৰিকল্পনাৰে আৰু এটি অভিনৱ প্ৰয়োযোজনাৰে এটি নতুন প্ৰজন্ম ।
আন্দোলন বহুত হ'ল
প্ৰতিশ্ৰুতি বহুত দিলে
তথাপিও নিজৰ মাজত চলা
হত্যা যজ্ঞ জানো সমাপ্ত হ'ল ।
নোৱাৰো নে এটা নিকা ৰাজনীতিৰ সূচনা কৰিব ?
জাতিৰ সুৰক্ষাৰ স্বাৰ্থত ন-ন
সংগঠন সৃষ্টি হৈ আজি হেজাৰ ৰ কাষ চাপিল কিন্তু আমিতো সংগঠন ভাগ ভাগ হোৱাৰ দৰে ই নিজৰ মাজতে ভাগ ভাগ হলো ।
মহাশয় আপুনি কিহৰ হিচাপ দিব ।
উন্নয়নৰ
আৰু প্ৰাপ্যবোৰ ঘূৰাই দিয়াৰ নে উন্নয়নৰ হকে প্ৰাণ আহুতি দিয়া হেজাৰ হেজাৰ স্বহীদৰ।
✍️কথা-কবি- হৃদয় বৈশ্য
বাইহাটা চাৰিআলি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ