তোমালৈ বুলি প্ৰথমটো ভইছ কল কৰিছিলোঁ।
মাত্ৰ ত্ৰিশ ছেকেণ্ডৰ!
উফ্! তোমাৰ সেই গহীন মাতটোত যেন
মোৰ বুকুৰ স্পন্দন
ত্ৰিশ ছেকেণ্ডৰ বাবে স্তব্ধ হৈ গৈছিল।
সেই ত্ৰিশ ছেকেণ্ড মোৰ বাবে
কিমান যে ভাল লগা ক্ষণ আছিল।
আৰে! নহবনো কিয়?
তুমি যে মোৰ বাবে বিশেষ আছিলা!
তুমি নজনাকৈয়ে সেই ত্ৰিশ ছেকেণ্ডত
মোৰ মন কানন নানাৰঙী আশাৰে সজাই;
কত অবাস্তৱ সপোনক
বাস্তৱৰ ৰূপ দিব খুজিছিলো।
যান্ত্ৰিকতাময় জীৱনত আৱেগবোৰ নিয়ন্ত্ৰণ কৰি
বিবেকেৰে চলা সদাব্যস্ত মইজনীয়ে
কিয় জানো সেইদিনা
ইমান আৱেগিক হৈ পৰিছিলো?
সময় হেনো পাখি লগা কাঁড়,
কাৰো বাবে ৰৈ নাথাকে।
অতদিনে তোমাৰো কোনো খবৰেই নাই;
চাওঁতে চাওঁতে আজি আগষ্ট মাহৰ ৩০ তাৰিখেই হল।
ইনবক্সটো খুলি দেখো
মোৰ জন্মদিনৰ অলেখ শুভেচ্ছাৰ মাজত
দুটা শব্দৰ তোমাৰ মেচেজটো!
"Happy Birthday"
এই যান্ত্ৰিকতাৰে ভৰপূৰ পৃথিৱীখনৰ আগত
তোমাৰ নামটো কেতিয়াও নলও দিয়া।
কিয় জানা!
মোৰ দৰে বা কিমানজনে উজাগৰী নিশা কটাইছে তোমাৰ কথা ভাবি,
কিমান জনে বা কিমানটা কবিতা লিখিছে তোমাৰ নামত,
কিমান জনৰ ডায়েৰীত তোমাৰ নাম লিখা আছে,
কিমান জনৰ মোৰ দৰে তোমাৰ প্রতি হাবিয়াস আছে,
কিমান জনে বা মোৰ দৰে তোমাক লৈ সপোন ৰচিছে!
কিন্তু! কি জানা, তোমালৈ ভয় লাগে যে,
সেইবাবে অব্যক্ত হৈয়ে ৰল,
মোৰ অবুজ মনৰ গোপন কথাখিনি।
কিবা অচিনাকী যেন লগা মিঠা অনুভৱ!
এই কোমল অনুভূতিবোৰক বাৰু কি নাম দিওঁ?
ভাললগা নে ভালপোৱা!
উহোঁ...!
ভাললগা হৈয়ে থাকিবা দিয়া তুমি,
কাৰণ না তোমাক পোৱাৰ হেঁপাহ থাকিব
না তোমাক হেৰুওৱাৰ বেদনা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ