বাইদেউ তুমি মোৰ বিশেষ উপহাৰ ••শিল্পী দাস

Rinku Rajowar
0
বাইদেউ তুমি মোৰ বিশেষ উপহাৰ ।
জীৱন বাটৰ প্ৰতিপলৰ ছাঁ,
গৰ্বিত হৃদয়েৰে ক'ব পাৰোঁ 
তুমি মোৰ জীৱনৰ দ্বিতীয় মা।

তোমাৰ বাবে মোৰ ওঁঠৰ হাঁহি
আছে সদায় মুখত জিলিকি,
আমাৰ মাজৰ মুধৰ সম্পৰ্ক
কেতিয়াও নহয় যেন অচিনাকি।

তুমি মোৰ শক্তিশালী মজবুত ঘৰ , 
য'ত এফুটা বৰষুণৰ পানীও নপৰে। 
জীৱন বাটত কেতিয়াও যেন
তোমাৰ দুচকুত অশ্ৰু নঝৰে।

আজি মই যিমান উন্নতি কৰিছোঁ
সকলো তোমাৰ কঠোৰ পৰিশ্ৰমৰ কাৰণে,
তোমাক নিজৰ বাইদেউ হিচাপে পাই
ধন্য হ'ল মোৰ এই জীৱনে।

জীৱন বাটত কৰা ভুলৰ
পাৰিলে ক্ষমা কৰি দিবা,
সৰু ভন্টিজনীক কেতিয়াও 
ভুল বুজি পাহৰি নাযাবা।

কেতিয়াও সুখত ৰাখিব চেষ্টা কৰা নাই
কিন্তু হৃদয়ৰ পৰা বৰ ভাল পাওঁ,
জীৱনত সদায় সুখী হোৱা
এয়াই সৰ্বদা হৃদয়ৰ পৰা চাওঁ।

             ✍️শিল্পী দাস
  ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)