বিদায় বেলিকাত ৰাঙলী সুৰুযৰ হাঁহি••কল্পনা বৰা

Rinku Rajowar
0
বিদায়ৰ পৰতো বোলে ৰাঙলী সুৰুযে ৰঙীন হৈয়ে বিদায় মাগিছিল।মুখত ফুটি নুঠিছিল কোনো বিষাদৰ ছাঁ। কাৰণ তাত আছিল উভতি অহাৰ আশ্বাস।তাই কিন্তু ৰাঙলী বেলি নাছিল। নাছিল দুনয়নত আনন্দৰ হাঁহি, আছিল মাথোঁ লুকুৱাব খুজা আৱেগৰ চকুলো। 
        ফুটো-নুফুটোকৈ দুটি ওঁঠেৰে অস্পষ্টভাৱে কৈ উঠিছিল, "ভালকৈ থাকিব।"জোৰ কৰিয়ে হাঁহিবৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল তাই।বিফল হৈছিল বুকু ভেদি বৈ আহিব খোজা বিষাদৰ চকুলোবোৰ নিজৰ মাজতে সামৰি থোৱাত । বৈ আহিছিল চকুৰ লোতকবোৰ ক্ৰন্দনৰ দুৱাৰ ভেদি। আৱেগক বাধা দিয়াত হাৰি গৈছিল, নোৱাৰিছিল তাই নিজকে লুকুৱাব। হাঁহিৰ মাজতে জানো সকলোবোৰ বেদনা গুপুতে ৰখাটো সম্ভৱ হ'ব পাৰে ! এই মুহূৰ্তত সম্ভৱপৰ নহয় তাইৰ বাবে।
      জোৰেৰে সাৱটি ধৰি মূৰ গুজি দিলে তাই পলৰ বুকুৰ  মাজত। এৰি নিদিব যেন তেওঁক,নিদিব যেন তাইৰ কাষৰপৰা আঁতৰি যাব।নিদিয়ে, কোনোকালে নিদিয়ে তাই। উচুপি উঠিল তাই পলৰ বুকুৰ মাজত।
      আজিনো বাৰু কি বুলি সান্তনা দিব পলে।আলসুৱা পলাশীক সদায়েই বুকুৰ মাজত ৰাখি থ'ব মন যায়। কিন্তু সময়ক অগ্ৰাহ্য কৰিও জীৱন নিয়াব নোৱাৰি। তাইৰ অভিমান, খং ভাঙিবলৈও আজি বহু দূৰলৈ গুছি যাব তাইৰপৰা আঁতৰি। আৰু তাইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই যে মিছা সান্তনাৰে চকুলোবোৰ মচি থ'ব।বুজিছে পলে তাইৰ অন্তৰৰ বেথা, কিন্তু সময়কটো মানি লব'ই লাগিব। তথাপি তেওঁৰ বিশ্বাস আছে নিজৰ ভালপোৱাৰ ওপৰত, পলাশীৰ ওপৰত। বিশ্বাসক কেন্দ্ৰ কৰিয়েইতো পৃথিৱীৰ সকলো ভালপোৱা বৰ্তি আছে আৰু দূৰে দূৰে ৰ'লেই জানো ভালপোৱা মৰহি যাব পাৰে ! 
বৰঞ্চ বাঢ়ি যায় মৰমবোৰ, ইজনে সিজনক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহবোৰ।
        মিচিকিয়া হাঁহি মাৰি  আলফুলে চকুপানীবোৰ মচি দি কপালতে এটা চুমা আঁকি দি পলে ক'লে , "এনেকৈ ইমান ভাগি পৰিলে নহ'ব নহয় আকৰী। আছোঁ নহয় মই সদায় তোমাৰ লগতে।"
আজিও যেন সৰু ছোৱালীজনী হৈয়েই আছে পলাশী। একেবাৰে আলসুৱা হৈ পৰে তাই পলৰ মৰমবোৰৰ ওচৰত।
এতিয়াও যেন লাজত মুচকচ গৈছে তাই ।
-"এতিয়াও লাজ কৰি থাকিবা মোলৈ তুমি!" মিচিকিয়া এটা হাঁহি মাৰি পলে ক'লে।
-" নকৰোঁ আজি লাজ;নহ'লে লৈ ল'ব বেলেগে আপোনাক।" সৰু সৰু মাতেৰে কৈ উঠিল তাই।
-"দুষ্টজনী! আজিও তাইৰ কথা শুনা!"
দুয়ো একেলগে হাঁহি উঠিল ইজনে আনজনৰ চকুলো চাই।
-"আজিও তোমাৰেই মই আৰু মৃত্যু পৰ্যন্তও তোমাৰেই হৈ থাকিম, তোমাকেই ভাল পাই যাম। ভালপোৱাবোৰ সদায় তোমাৰ বাবেই আছে; কোনোদিনে শেষ হৈ বা কমি নাযায়। বুজিলা দুষ্ট! "
হাঁহি হাঁহি ক'লে পলে।
-"ইমান ভাল আপুনি।"‌ মুখত সন্তুষ্টিৰ হাঁহি মাৰি আকৌ সাৱটি ল'লে তাই।
-"কথা শুনা তাইৰ! এতিয়া মোক ভাল লগাব আহিছে। মই যেনিবা আজিহে ভাল হ'লো!"
-"নহয় অ', সঁচাকৈয়ে ভাল আপুনি। 
আৰু  মই যেনিবা ভাল লগাবলৈহে কওঁ সকলো কথা; নুবুজেই মোক অলপো! " অভিমানতে পলাশীয়ে আনফালে মুখ ঘূৰালে।
-"ধেমালিহে কৰিছোঁ অ' মই।জোকায় ভাল লাগে আকৌ তোমাক । একেবাৰে পকা বিলাহী হৈ যোৱা! সেয়েহে কিবা.....।" হাঁহি হাঁহি পলে ক'লে।
তেওঁৰ কথাত হাঁহি উঠিল পলাশীৰো।  
           হাঁহি হাঁহিয়েই তাই বিদায় দিলে তেওঁক। মাথোঁ চাই ৰ'ল চকুৰে নেদেখা হোৱা পৰ্যন্ত। দুটি ওঁঠত এটি সেমেকা হাঁহি লৈ শেষত উচুপি উঠিছিল তাই।              
ভালপোৱাবোৰ হয়তো এনেকুৱাই।এৰা -ধৰাৰ মাজেৰেই চলাই নিব লাগিব প্ৰেমক। কেতিয়াবা ভাবি পাৰাপাৰহীন হৈ পৰে তাই। এদিন তাইৰ বাবে পল অচিনাকী আছিল , আৰু আজি! আজি তাইৰ বাবে পল সকলো, তেওঁৰ অবিহনে দেখোন জীৱনৰ এটি মুহূৰ্তৰ কথাও কল্পনা কৰিব নোৱাৰে তাই।পল সাহস তাইৰ বাবে, আন কোনো কাষত নাথাকিলেও পল সদায় আছে তাইৰ বাবে। তথাপি চোন কিবা এটা ভয় লাগে তাইৰ।হয় , প্ৰেম হয়তো এনেকুৱাই।সকলোবোৰ বুজিও প্ৰিয়জনক হেৰুৱাৰ ভয় এটাই সকলোৰে মনত খেদি ফুৰে।
           অসমৰ বাহিৰৰ কোনোবা এখন বিশ্ববিদ্যালয়ত পঢ়িবৰ বাবে ছিট পাইছে পালে। তাইৰ বাবেতো এয়া অতি গৌৰৱৰ খবৰ। কিন্তু নিজৰ প্ৰিয়জনক দেখা পাবৰ বাবেও তাই বছৰধৰি অপেক্ষা কৰিব লাগিব।নাই, নোৱাৰে তাই! নানা চিন্তাই হেঁচা মাৰি ধৰে তাইক। কিন্তু সময়ে যে সকলো মানি ল'বলৈ বাধ্য কৰায়।
       পলৰ বুজনিত ক্ষান্ত হয় তাই। তথাপি বুকুৰ কোনোবাখিনিত খুবেই বিষায়, উচুপি উঠে তাই।
কৈ উঠে তাই , "আপুনি পাহৰি যাব মোক ...." 
-"নাপাহৰোঁ অ'..। মনটো চোন সদায় তোমাৰ লগতেই আছে।এনেকৈ কান্দি থাকিলেহে মই কিন্তু বেয়া পাম ।"
----" নাকান্দো মই।। আপুনি আছে সদায়..।" সৰু সৰু মাতেৰে কৈ উঠে পলাশীয়ে।
-"ওম, এয়াহে আমাৰ ভাল ছোৱালী।" 
 চকুপানীবোৰ মচি হাঁহি উঠিল পলাশী।
ঠিকেই, প্ৰেম ভালপোৱা এইবোৰ হয়তো এনেকুৱাই। সকলোকৈ আগশাৰীত বিশ্বাসেই প্ৰয়োজন । ঠেহ অভিমান এইবোৰ আছে বাবেইতো ভালপোৱাৰ মাদকতা সুকীয়া। মাথোঁ প্ৰয়োজন ইজনে আনজনক অন্তৰৰ পৰা বুজি উঠা।
      প্ৰেম আছে বাবেইতো পৃথিৱীৰ সকলো বস্তুৱেই ৰঙীন।সকলো বস্তুৰ মাজতেই নিজৰ ক্ষুদ্ৰ সুখকণ সামৰি লোৱাৰ হেঁপাহ ৰচোঁ।
হয়, সেয়েহে বিদায়ৰ পৰতো ভাগৰুৱা বেলিটি ৰঙচুৱা হৈয়ে থাকে সদায়। য'ত থাকে আশ্বাস, পুনৰবাৰ উভতি অহাৰ প্ৰতিশ্ৰুতি।

 ✍️কল্পনা বৰা
মেৰাপানী, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)