সোঁৱৰণিৰ দলিচা••বসন্ত ওজা

Rinku Rajowar
0
সোঁৱৰণিৰ সোণালী
স্মৃতি চলাথ কৰি , 
    সুধাকণ্ঠৰ সমাধিলৈ গ'লো ।
ভৰিৰ জোতা মোজা, 
চৌহদৰ বাহিৰত থৈ , 
  হেঁপাহেৰে মৃন্ময় মূৰ্ত্তি চালো ।
সমাধিৰ দশোদিশৰ
আকাশে বতাহে শুনো
    সুধাৰ যুগমীয়া গান ।
অতি স্নেহ শ্ৰদ্ধাৰে
লিখিছিলো কবিতা
    চৰণত জনাই প্ৰণাম ।
সেইদিনা আছিল
২০১৮ চনৰ    ,
    তাৰিখ ৩১ অক্টোবৰ ,
"শয়ন শয্যাত ভূপেন দা"
অনুপম সৃষ্টি হেনো
    অভাজনৰ এই কলমৰ ।
সেই কবিতাৰ সোমৰস ,
পাণ কৰিলে অসমৰ
     নমস্য মহা মহামতিয়ে।
কাব্য সাধনাৰ বলতে
বন্ধু হ'ল বিপিন চাউদাঙ । 
 স্বদেশ স্বাভিমানৰ জৰী বতি , 
অসমৰ অসমকণ্ঠ 
মহেন্দ্ৰ হাজৰিকা
   দেৱেও পঢ়িলে ছন্দৰ শাৰী ।
লুইত কুঁৱৰী অনিমা
বাইদেউৱে দিলে আশিষ
 তুমি হোৱা অক্লান্ত প্ৰহৰী ।।
প্ৰতিদিন সংবাদ গোষ্ঠীৰ
নিতুমনি জ্যেষ্ঠ প্ৰতিমে
    শুভাশিষ দিলে পঠিয়াই ।
কাব্য সাধনাৰ এই
দুৰ্বাৰ হেঁপাহৰ চেতনাৰ
      বিবেকক দিলে জগাই ।।
ৰেনেছা শিল্পী নাৰী
তৰালী শৰ্ম্মা ডাঙৰীয়ানীয়ে 
   পঢ়িলে শব্দৰ গাঁথা ।
মনৰ যোগাত্মক বলেৰে
মহা মহিমৰ সম্বন্ধত
   বোলাই আছো সৃষ্টিৰ আঠা ।
নন্দন প্ৰতিম শৰ্ম্মা,
ৰঞ্জু হাজৰিকা দেৱৰো , 
     দৃষ্টিত পৰিল লেখা ।
হৃদয়ৰ নিভৃত কোণৰ , 
পৰা যাঁচিলে প্ৰেৰণা, 
  বিশ্বনাথ হওক
     কাব্য গীতৰ শিখা । 
 
📌বসন্ত ওজা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)