জাতিৰ পিতা মহাত্মা গান্ধী••কংকন ডেকা

Rinku Rajowar
0
অহিংসাৰ পূজাৰী ৰূপে 
তুমি জগত জিনিলা
হে মহামানৱ চিৰ তৰুণ 
জাতিৰ পিতা মহাত্মা গান্ধী।

তোমাৰ আদৰ্শৰে আদৰ্শিত 
আজি জগত. ..
তুমি সঁচাকৈ মহান..
নিস্বাৰ্থ ভাৱে দেশৰ হকে 
তুমি যুঁজ দিলা ,আন্দোলন কৰিলা আৰু দেশৰ মান ৰাখিলা
হে মহামানৱ চিৰ তৰুণ 
জাতিৰ পিতা মহাত্মা গান্ধী ।

বিনা অস্ত্ৰে যুঁজি তুমি 
দেশক গঢ়িলা,
দেশ‌ মাতৃক স্বাধীন কৰিলা
হে মহামানৱ চিৰ তৰুণ 
জাতিৰ পিতা মহাত্মা গান্ধী 
তুমি সঁচাকৈ  মহান..।
তোমাক সেয়ে কৰো 
শত শত প্ৰনাম।।

✍️কংকন ডেকা 
বৰুৱাজানী,কামৰূপ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)