প্ৰগতিৰ পথ বিচাৰি••ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
ধৰালৈ যিদিনা আহিছিলো
মহা শূন্যৰ  ভাৰখন  কান্দি কান্দি
জন্মদাত্ৰীৰ হাতত তুলিছিলো ৷
বৰ্ণহীন দুহাতৰ  পলে পলে  কিনো
বৰ্ণব সানে 
অযাদৃচ্ছিক লক্ষ্যৰ গতিত চকুলো আনে ৷
ৰং-জীৱনৰ পৃষ্ঠাাই ,পৃষ্ঠাাই শূন্যৰ 
তাচ্ছিল্য অৱসান ঘটে ,
জনক অৰণ্যত নিজক বিচাৰি পোৱাৰ শূন্যতা নঘটে  ৷ 
হাঁহিৰ সুন্দৰতা মাথোঁ দাপোনত 
বিচাৰি পাব পাৰি ,
মনৰ মৰ্যাদা এন্ধাৰত লব নোৱাৰি ৷
শান্তিৰ যাত্ৰা গীতেৰে নহয় ,
ধৰম,কৰম আৰু মৰ্মৰেহে হয় ৷ ৷
অক্লান্ত সমুদ্ৰৰৰ  বুকুত  সাঁতুৰি
ক্লান্ত হব পাৰে কোনে ?
হৃদয়ঙ্গম  পথাৰৰ পৰা বিৰত থাকে যিজনে ৷
সফলৰ পথ  সফল হয় মাথো জ্ঞানৰ পথিক পূজাৰী  ৷

               ✍️ৰজনী কুমাৰ ডেকা 
                       ৰঙিয়া  ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)