মোবাইল ফোন ••সীতা দেৱী

©Admin
0
আজি কালি কৃত্ৰিমতা ইমানেই বেছি হ'ল, মৰম চেনেহ, আন্তৰিকতাবোৰ নোহোৱা হ'ল। মানুহ নামৰ প্ৰাণী যন্ত্ৰ হৈ পৰিল। ঘৰৰ ভিতৰ বাহিৰ, চুবুৰীয়া, গাঁৱখনত অচিনাকী মানুহে ভৰি পৰিল। আজিৰ মানুহে কাকো চিনি নাপায়। ধৰ্মকাই আচৰিত হ'ল। আজি দহবছৰ আগত ধৰ্মকাইক গাঁৱৰ ইমূৰৰপৰা সিমূৰলৈকে সকলোৱে চিনি পাইছিল। আজি দহবছৰ পিছত গাঁৱত ঘূৰি আহোঁতে নিজৰ ভতিজাকহঁতেও তেওঁক চিনি নাপালে। গাঁৱৰ মানুহবোৰে ও দেখোন মাত বোল নকৰা হ'ল। ধৰ্মকাইক এদিন নেদেখিলে থাকিব নোৱাৰা মতিউৰেও তেওঁক জন্তু চোৱাৰ দৰে চাই গুচি গ'ল। 
          কি হ'ল মানুহবোৰৰ....! নিজক লৈ ডেকা, বুঢ়া ল'ৰা ,ছোৱালী , বোৱাৰী ব্যস্ত হৈ পৰিল।ঘোৰ কলি কাল। এই মোবাইল ফোনয়েই কাল হ'ল। এই মোবাইল ফোনে মৰম চেনেহ, আহ যাহ, বিশ্বাস,দয়া, আন্তৰিকতা সৱ শেষ কৰি পেলালে।।

✍️সীতা দেৱী
, বিহপুৰীয়া, লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)