ৰাস ••লখিমী শৰ্মা

©Admin
0
ৰাস হৈছে এনে এটি উৎসৱ , য'ত ভগৱান শ্ৰী কৃষ্ণৰ জীৱন লীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে । ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ । 
অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদযাপিত হয় । মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয় । পাছলৈহে ৰাসপূজাৰ প্ৰসাৰ গড়মূৰ , আউনীআটী , বেঙেনাআটী , কমলাবাৰী , ভোগপুৰ আদি সত্ৰলৈ ঘটে । শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা মাজুলীবাসীৰ বাবে মুখ্য উৎসৱ । মূলতঃ আধ্যাত্মিক তত্ত্ব সমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও মাজুলীৰ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰে । ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা । শৰতকালৰ জ্যোস্না প্লাৱিত ৰাতিত , গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয় । সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ নদীদ্বীপ মাজুলী ৰাসলীলা প্ৰদৰ্শনৰ স্বৰ্ণক্ষেত্ৰ বুলিলেও বঢ়াই কোৱা নহ'ব । বৰ্ষাকালৰ বানত জুৰুলা হোৱা মাজুলীবাসীয়ে বৰ্ষান্তত নৱ উদ্যম আৰু হেঁপাহেৰে ৰাস মহোৎসৱৰ বাবে প্ৰস্তুত হয় । লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰাই নাটকৰ আখৰা আৰম্ভ কৰি এমহীয়া পৰিক্ৰমাৰ অন্তত তিনিদিনীয়াকৈ ৰাস অনুষ্ঠিত কৰা হয় । ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত ৰাসলীলাৰ নাট্য কাহিনীৰ লগত সমান্তৰালভাৱে বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা অনুষ্ঠানে সত্ৰৰ পৰিৱেশ আধ্যাত্মিক ৰসসিক্ত কৰি তোলে । শ্ৰী শ্ৰী আউনীআটী সত্ৰত পূজা আৰু ৰাসলীলাৰ অভিনয় কৰা হয় । এই সত্ৰত ৰাসলীলাৰ নাটকত শ্ৰীকৃষ্ণৰ গোষ্ঠলীলা আৰু মহাৰাস প্ৰদৰ্শন কৰা হয় । চামগুৰি সত্ৰৰ মাংগলিক পৰিৱেশত বৃন্দাবন চন্দ্ৰ মহাপ্ৰভুৰ পূজা আৰু ৰাসলীলা অভিনয়েৰে এই উৎসৱ উদযাপন কৰা হয় । মুখা ব্যৱহাৰৰ চমৎকাৰী কৌশল এই সত্ৰৰ ৰাসলীলাৰ অন্যতম বৈশিষ্ট্য । শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰত পৰম্পৰাগতভাৱে গোবিন্দ মূৰ্তিৰ পূজাৰে ৰাসলীলা অনুষ্ঠিত কৰে । গড়মূৰ সত্ৰত আধুনিক মঞ্চৰ উপযোগীকৈ ৰাসলীলা প্ৰদৰ্শন কৰা হয় । উত্তৰ কমলাবাৰী সত্ৰ , নতুন কমলাবাৰী সত্ৰ প্ৰমুখ্যে মাজুলীৰ বিভিন্ন স্থানত প্ৰদৰ্শিত প্ৰায় পঞ্চাশটি মঞ্চত আয়োজন কৰা ৰাসলীলাৰ আকৰ্ষণীয়তাই দৰ্শকক বিস্ময় মুগ্ধ কৰি আহিছে । এই সমূহ দৰ্শনৰ বাবে দেশীয় বাবে আৰু বিদেশী পৰ্যটকৰ আগমনে সেই সময়ত মাজুলীক মৰততে সৰগীয় পৰিৱেশ কৰি তোলে । 


✍️লখিমী শৰ্মা
ঠিকনা :--- যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)