উৰা মাৰে মন
সন্ধ্যাতৰাৰ শত জিলিকনিত
স্মৃতিৰ সফুঁৰা খুলি
শৈশৱৰ ধেমালি হাঁহিৰ গধূলিত
নিয়ৰ সৰে মুকুতা হৈ
শব্দৰ মধু আলিঙ্গনত
প্ৰেমৰ জোৱাৰ উঠে হিয়াত
পুৱতি নিশাৰ সপোন পৰশত
শেৱালি সৰে সুগন্ধি হৈ
মৰমৰ মধুমিতা স্মৃতিৰ সোঁৱৰণিত
ৰৈ যায় প্ৰাণত এটি গানৰ সুৰ হৈ।।
✍️প্ৰাণজিৎ দাস।
বাক্সা, বি, টি, আৰ (অসম)।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ