মইয়ো এটা মুক্ত বিহংগী••নিপু কুমাৰ দাস

Unknown
0
      ময়ো এটি মুক্ত বিহংগী
      আপোন মোৰ যেন বন বননি ,
      বিৰহৰ গীত জুৰি এই বনত
      ফুৰিছো অনাই বনাই ঘূৰি 
      উৰিছো মই ডেউকা কোবাই ------ ।
 
      হাবিৰ সেউজী গছ-লতিকা
      জীয়া জীৱনৰ ঠিকনা  
      ইয়াতে আপোন সুৰ বিচাৰি
      হৈছো মাথোঁ আত্মাহাৰা 
      হেঁপাহৰ আছুতীয়া ৰং-বোলাই।
 
      মানুহৰ মাজতো আছোঁ মই 
      সুখৰ সংজ্ঞা বিচাৰি,
      মানুহ মোৰ যেন অতি আপোন  
      স্মৃতি যেন ৰোমন্থন কৰি
      বনৰ মাজতে আছো‌ঁ ।

      দেখি শুনি গোন্ধ লোৱা 
      বনৰ বনৰীয়া চৰাই হৈ মই 
      নানান পুষ্প পাৰিজাত 
      যেন এইখনি স্বৰ্গৰ নন্দন কানন
      বিৰহত জুৰিছোঁ সুৰৰ মূৰ্চনা ।

                         
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)