সোণাৰু ফুলৰ পোহৰ••ৰজনী কুমাৰ ডেকা

Unknown
0
ধৰালৈ আহিলি তই কিনো ৰং সানিলি ?
মোৰ পদূলি  সোণোৱালী হ'ল 
যেন হৰ্ষজ্যোতি এপাহি  নিৰ্মালি ৷
তোৰ প্ৰেমত পৰিলো মই  আৰু 
আঁতৰি নেযাবি , 
দিনে -নিশাই তোৰ স'তে উমলিম 
পলে পলে হাঁহিৰ খোৰাক জগাবি ৷
চঞ্চলময়ী মৌ জাকে মালিনীৰ 
কাননত  ঘনাই ফুৰে ,
তই অহা দিনৰ উমান জুৰে  ৷
বিহগী কিৰিলিত টোপনি হৰে ,
তোৰ পৰশত বিহগবোৰক জাগ্ৰত কৰে ৷
গাভৰুজাকে নৈ ঘাটলৈ  আহিব  ,
তোৰ ৰিণিকি চাৱনিত কেশখোপাবোৰ বাৰুকৈ উজ্বলিব ৷
এধানি এধানি ধৰালৈ নামিছ ,
বিৰিখে- বিৰিখে প্ৰাণ পাই উঠিছ ৷


                   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)