২০ অক্টোবৰ- বিশ্ব অষ্টিওপৰোছিছ দিৱস••ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তী

Unknown
0
এটা কথা আমাৰ সকলোৰে চকুত ধৰা দিছে যে আজিকালি মানুহৰ হাড় ভঙাৰ প্ৰকোপ বাঢ়িছে, সৰু সৰু আঘাত পালেই হাড় ভগা দেখা যায়৷ চিকিৎসকে কয় যে হাড়ৰ ঘনত্ব কমাৰ বাবে এনে হৈছে৷ এই ৰোগবিধেই হৈছে অষ্টিওপৰোছিছ৷ অৰ্থাৎ সহজ ভাষাত হাড়ত ছিদ্ৰ হোৱা বুলিব পাৰি৷ কেলচিয়াম, ভিটামিন ডি, ভিটামিন চি আদিৰ অভাৱত এনে হয়৷ কম বয়সৰ পৰাই খাদ্যৰ ক্ষেত্ৰত কিছু সচেতন হ’লে এই ৰোগ আৰু এই ৰোগৰ ফলত হ’ব পৰা বিভিন্ন বিষ আৰু দুৰ্বলতাৰ পৰা সকাহ পাব পাৰি৷ কি কি হাততে পোৱা খাদ্যত গুৰুত্ব দিয়া ভাল চমুকৈ আলোচনা কৰোঁ আহক-
দুগ্ধজাত খাদ্যৰ ভিতৰত গাখীৰ, পনীৰ, ছানা, দৈ, গুড়ি গাখীৰ আদিতো যথেষ্ট পৰিমাণে কেলছিয়াম পোৱা যায়। সেউজীয়া শাক-পাচলি যেনে সৰিয়হ শাক, মেথী শাক, বন্ধাকবি, গাজৰৰ কুমলীয়া পাত, কচু শাক, চজিনাৰ পাত, বীটৰ কুমলীতা পাত, ধনীয়া শাক আদিত যথেষ্ট কেলছিয়াম থাকে।
তেলান মাছ,কলিজা,কণীৰ কুহুম, মাখন, উন্নত প্রজাতিৰ মাশৰুম প্রভৃতি ভিটামিন ডি সমৃদ্ধ খাদ্য। আনহাতে সূৰ্য্যৰ ৰশ্মিৰ পৰা ভিটামিন ডি পর্যাপ্ত পৰিমাণে পোৱা যায়। ভিটামিন ডি-ৰ সকলোতকৈ ভাল উৎস সূর্য। প্ৰতিদিনে ১৫ ৰ পৰা ২০ মিনিট গাত ৰ’দ লগাব পাৰিলেই শৰীৰে প্ৰয়োজনীয় ভিটামিন ডি আহৰণ কৰিব পাৰে৷
ভিটামিন চি সমৃদ্ধ কমলা কলজেন গঠনৰ বাবে প্ৰয়োজনীয় তথা ই হাড়ৰ বাবেও উপকাৰী। ইয়াৰ উপৰি কাঠ বাদাম, চয়াবিন, শাক-পাচলি, টফু, মাছ, বিলাহী, গুৰ, কাজু বাদাম আদি হাড়ৰ বাবে অতি উপকাৰী খাদ্য। ২০ অক্টোবৰত সমগ্ৰ বিশ্বতে এই ৰোগ সম্বন্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিশ্ব অষ্টিওপৰোছিছ দিৱস পালন কৰা হয়৷ এইবৰ্ষৰ থীম- Build better bones



✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তী(পিটি)
নলবাৰী, ৯৮৬৪১৪৯৬৬৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)