মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা- নাছিৰ আহমেদ

©Admin
0
ভূমধ্যসাগৰৰ পূবত ছিৰিয়াৰ দক্ষিণাঞ্চলত ১০,৪২৯ বৰ্গকিলোমিটাৰ এলেকাজুৰি অট্ট'মান সাম্ৰাজ্যৰ ওছমানীয় খিলাফতৰ অধীনত পেলেষ্টাইন ৰাষ্ট্ৰ গঠন হৈ ৪০০ বছৰ ধৰি চলি আছিল। 
১৯১৭ চনৰ প্ৰথম বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তি জোটত থকা সাম্ৰাজ্যবাদী বৃটিছ শাসকে ওছমানীয় খিলাফতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ সময়ত পৃথিৱীৰ বিভিন্ন দেশত সিঁচৰতি হৈ থকা ইহুদীসকলে ব্ৰিটিছ শাসকৰ পৰৰাষ্ট্ৰ মন্ত্ৰী বেলফোৰ চুক্তি মতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। যাৰ ফলস্বৰুপে ব্ৰিটিছ শাসকে ১৯৪৮ চনৰ ১৪ মে তাৰিখে ব্ৰিটিছ শাসকৰ প্ৰত্যক্ষ অংশ গ্ৰহণেৰে গভীৰ ৰাতিৰ নিস্তব্ধতা ভেদ কৰি ইহুদীসকলে ঢোলে-দগৰে আনন্দ-উৎসৱৰ মাজেৰে নিজৰ পিতৃভূমি বুলি দাবী কৰা পেলেষ্টাইনত স্বাধীন ইজৰাইল ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল। তেতিয়া আৰব- লীগৰ নেতৃত্বত আৰবৰ দেশসমূহে ইজৰাইল ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ চলাই মুখ ঠেকেচা খাইছিল যদিও ১৯৪৮ চনৰ ২২ চেপ্তেম্বৰে আৰব লীগে স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ ঘোষণা কৰিছিল। কিন্তু, ১৯৪৯ চনৰ আৰব-ইজৰাইলৰ মাজত হোৱা এক চুক্তি মতে ইজৰাইলে প্ৰাক্তন ম্যান্ডট অঞ্চলৰ বেছিভাগ অঞ্চল দখল কৰে। কেৱল পশ্চিম তীৰ জৰ্ডানৰ অধীনত আৰু গাজা উপত্যকা মিছৰ ৰাষ্ট্ৰৰ অধীনত ১৯৬৬ চনলৈকে আছিল ; য'ত পেলেষ্টাইনৰ সংখ্যাধিক্য মুছলিমসকলে শান্তিৰে বসবাস কৰিছিল। 
১৯৬৭ চনত আগ্ৰাসী সম্প্ৰসাৰণবাদী ইহুদীসকলে পশ্চিম তীৰ আৰু গাজা উপত্যকা দখল কৰি ইহুদী অধ্যুষিত অঞ্চল হিচাপে গঢ়ি তুলিবলৈ উঠি পৰি লাগিল। নিজৰ দেশৰ পৰা পেলেষ্টাইনী সকলে বিতাড়িত হৈ আৰবৰ দেশসমূহত শৰণাৰ্থী হৈ অতি দুৰ্বিসহ জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। ১৯৬৪ চনত ইয়াছিৰ আৰাফতৰ নেতৃত্বত গঠিত হোৱা পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচনে (Pelestine Liberation Organisation, PLO) লেবাননৰ বৈৰুটত মুখ্য কাৰ্যালয়ৰ পৰা পেলেষ্টাইনী সকলৰ আত্ম নিয়ন্ত্ৰণ আৰু পেলেষ্টাইন ৰাষ্ট্ৰক মান্যতা দান কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ধৰিলে। ইজৰাইলে পেলেষ্টাইনত চলোৱা দখলদাৰী কাৰ্যক অৱসান ঘটাবলৈ গণতান্ত্ৰিক ভাবে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল যদিও কোনো কাৰ্যকৰী নহ'ল। ক্ৰমে ইজৰাইলে পেলেষ্টাইনৰ গাজা উপত্যকা আৰু পশ্চিম তীৰত আগ্ৰাসন বঢ়াবলৈ ধৰিলে। ৰাষ্ট্ৰসংঘ আৰু আৰব লীগৰ প্ৰচেষ্টাত ১৯৯৩/১৯৯৪ চনত দুয়োখন দেশৰ মাজত থকা ওছলো চুক্তি মতে দ্বি-ৰাষ্ট্ৰ সমাধানৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ, জেৰুজালেমৰ অৱস্থিতি, অৰ্থাৎ( জেৰুজালেম ইজৰাইলৰ অন্তৰ্ভূক্ত থাকিব নে পেলেষ্টাইনৰ অন্তৰ্ভূক্ত হ'ব)কাৰণ, পূব জেৰুজালেমত থকা আল আস্কা মছজিদ মক্কা আৰু মদিনাৰ পিছতেই ইছলামৰ পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। গাজা উপত্যকা আৰু পশ্চিম তীৰত ইজৰাইলৰ বসতি, সীমান্ত নিৰাপত্তা আৰু পানীৰ সমস্যা।
ইতিমধ্যে গাজা উপত্যকাত ইহুদী সম্প্ৰসাৰণবাদী সকলৰ ৭৭ শতাংশ বসতি আৰু পশ্চিম তীৰত ৪৪ শতাংশ, গঢ়ে ৬০ শতাংশ ইহুদীৰ বাসস্থান গঢ়ি উঠিছিল। কিন্তু, এই শান্তি চুক্তিক নস্যাৎ কৰি পূব জেৰুজালেমক পেলেষ্টাইনসকলক ওভতাই দিবলৈ ইজৰাইলে মান্তি নহ'ল। এনেকি পেলেষ্টাইনক সম্পূৰ্ণ ৰাষ্ট্ৰৰ মৰ্য্যাদা দিবলৈও সাজু নহৈ আগৰ দৰেই পেলেষ্টাইনৰ ওপৰত বিভিন্ন আধুনিক অস্ত্ৰ প্ৰয়োগ কৰিবলৈ ধৰিলে। আৰু গাজা উপত্যকাত বলপূৰ্বক ভাবে ইহুদী জন-গোষ্ঠীৰ বাসস্থান বৃদ্ধি কৰি থাকিল।
১৯৮৭ চনত ইছলামিক জাতীয় সংগঠনে ইজৰাইল ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা চলাই আছিল। হামাছৰ মতে পেলেষ্টাইনৰ বুকুত বেআইনী ভাবে প্ৰতিষ্ঠা লাভ কৰা ইজৰাইল ৰাষ্ট্ৰৰ কোনো অস্তিত্ব মানি লোৱা নহ'ব। ইয়াত একমাত্ৰ পেলেষ্টাইনৰ অধিকাৰ থাকিব। হামাছে ঘোষণা কৰা এই বিদ্ৰোহৰ ফলত ইজৰাইল ৰাষ্ট্ৰৰ প্ৰশাসক আৰু পেলেষ্টাইনৰ বিদ্ৰোহী সংগঠনৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হ'ল।
২০০৬ চনত গাজা উপত্যকাত হামাছে আৰু পশ্চিম তীৰত ফাতাহ দলে শাসনভাৰ হাতত লৈয়েই ইজৰাইলৰ আগ্ৰাসী সম্প্ৰসাৰণবাদী নীতি বন্ধ কৰা আৰু পূৱ জেৰুজালেমক পেলেষ্টাইনৰ অন্তৰ্ভূক্ত কৰাৰ দাবী তীব্ৰতৰ ভাৱে আৰম্ভ কৰি দিলে। ৰাষ্ট্ৰসংঘৰ মজিয়াত বিল উত্থাপন কৰি পৃথিৱীৰ বেছিভাগ দেশেই পেলেষ্টাইনক সম্পূৰ্ণ ৰাষ্ট্ৰৰ মৰ্য্যাদা দিবলৈ আগ্ৰহী হ'ল যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইনে, জাৰ্মানী ফ্ৰান্স আদি পশ্চিমৰ দেশসমূহে ৰাষ্ট্ৰ সংঘে উত্থাপন কৰা এই বিলৰ বিৰুদ্ধে ভেটো প্ৰয়োগ কৰি পেলেষ্টাইনক সম্পূৰ্ণ ৰাষ্ট্ৰৰ মৰ্য্যাদা দিবলৈ আগ্ৰহী দেশসমূহক অৰ্থনৈতিক সাহায্য নিদিবলৈ সিদ্ধান্ত ললে। 
যাৰ ফলত ২০২৩ চনৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে মধ্যপ্ৰাচ্যত ইজৰাইল আৰু হামাছৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। পৰস্পৰে পৰস্পৰক আক্ৰমণ প্ৰতি-আক্ৰমনৰ মাজেৰে এতিয়া মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা! ইজৰাইলৰ সদা জাগ্ৰত চোৰাংচোৱাৰ বেহু ভেদ কৰি হামাছে প্ৰায় ৫০০০ হেজাৰ ৰকেটৰ জৰিয়তে ইজৰাইলৰ বসতিস্থল ধ্বংস-প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে। আনহাতে ইজৰাইলেও অট্টাধুনিক এয়াৰ ষ্ট্ৰাইকাৰে গাজা উপত্যকা মৃত্যু উপত্যকাত পৰিণত কৰাৰ বাবে বদ্ধপৰিকৰ হৈছে। এতিয়া ইজৰাইলে গাজা উপত্যকাত ফৰফৰাছ অস্ত্ৰ প্ৰয়োগ কৰিবলৈ ধৰিছে। দুয়োখন দেশতে প্ৰায় ২০০০ সাধাৰণ নাগৰিক,তাৰ ভিতৰত শিশু আৰু বৃদ্ধৰ সংখ্যাই বেছি মৃত্যুৰ গৰাহত পৰিছে। দুয়োখন দেশেই বন্দী সৈনিকসকলক প্ৰতি মুহূৰ্তে মৃত্যুৰ ভাবুকি দি আছে। চাৰিওফালে আহত বা নিহতৰ দমদম শৱযাত্ৰাৰ মিছিল,আৰ্ত চিৎকাৰ,তেজৰ নৈ প্ৰৱাহিত হৈছে। এই বিধ্বংসী যুদ্ধৰ ভয়াবহতা বৃদ্ধিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধৰ জাহাজ ইজৰাইললৈ পঠিয়াই দি আছে, ফ্ৰান্স,গ্ৰেট ব্ৰিটেইনে, জাৰ্মান আদি দেশে ইজৰাইলক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। আৰব দেশসমূহেও পেলেষ্টাইনৰ পক্ষ অৱলম্বন কৰিছে। ইৰানে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ সাজু হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ নীৰৱতা অৱলম্বন কৰিছে। পেলেষ্টাইনৰ ইছলামিক জাতীয় সংগঠনক সন্ত্ৰাসবাদী সংগঠন বুলি ভাৰতৰ দৰে গণতান্ত্ৰিক ৰাষ্ট্ৰনেতাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সুৰত সুৰ মিলাই ইজৰাইলৰ পক্ষ অৱলম্বন কৰা দুৰ্ভাগ্যজনক।
যি কি নহওঁক, জন্ম লগ্নৰে পৰা দুয়োখন দেশৰ মাজত থকা সংঘাত, সহিংসতা, সংঘৰ্ষৰ বিৰুদ্ধে পৃথিৱীৰ সকলো দেশেই একত্ৰিত হৈ এই জটিল সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব বুলি আশা ৰাখিলোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)