মোৰ মনৰ পৃথিৱীত মোৰ লিখনি••জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
মানুহে আজিকালি সত্যৰ অন্বেষণৰ কাৰণে অন্তৰখন চালিত কৰা উচিত ৷ মানুহৰ অন্তৰখন ক্ষীৰ সমুদ্ৰৰ প্ৰতীক যেন ৷ যদি এই অন্তৰ মন্হন কৰাত জ্ঞান ৰচী ব্যৱহাৰ কৰা হয় তেতিয়াহলে প্ৰথম অৱস্হাটোত নিৰাশ আৰু বিফলতা সংঘটিত হ'ব পাৰে ৷ কিন্তু এই বিফলতাত পৰাজয় স্বীকাৰ নকৰি মানুহে যদি প্ৰচেষ্টা অব্যাহত ৰাখে সত্য,ধৰ্ম আৰু ন্যায়ৰ নিচিনা অমূল্য বস্তু লাভ কৰিব পাৰি ৷ সহনশীলতা আৰু কাৰুণ্যৰ নিচিনা  অমূল্য গুণো উদ্গমন নিশ্চয় কৰিৱ ৷
মানুহে সত্য,ন্যায়,প্ৰেম,সহনশীলতা,ধৰ্মনিষ্ঠতা আদি সজ গুণবোৰ কৰ্ষণ কৰিব লাগে ৷ সত্যানুসন্ধানত মানুহৰ গুৰুত্বতা আজি কালি মানৱ সমাজত কমি আহিছে ৷ প্ৰকৃততে মানুহ শাশ্বত সত্যৰ অন্বেষণৰ কাৰণে আত্মনিয়োগ কৰা খুওবেই প্ৰয়োজন ৷ কাৰণ সত্য অন্বেষণৰ ফলশ্ৰুতিতহে সকলো কলাৰ উদ্ভৱ হৈছিল ৷
         সত্যৰ অন্বেষণত  ভগৱানক যদিও উপলব্ধি কৰিব পৰা নাযায় তথাপি ভগৱানৰ প্ৰতি নিৰ্দেশিত লক্ষণ পোৱা যায় ৷  যেতিয়া কেতিয়াবা আনি বিশাল সমুদ্ৰৰ পিনে চাওঁ ইয়াৰ বিশালতা দেখি আমি সুখ আৰু আনন্দৰ অনুভূতি লাভ কৰো ঠিক সেইদৰে গভীৰ অৰণ্য এখন দেখিলে অতিশয় আনন্দিত হৈ আমিবোৰ উৎফুল্লিত হৈ পৰো ৷ এই সকলোবোৰ সত্য আৱিষ্কাৰৰ এক লক্ষণ ৷
গুটিৰ পৰা গছ,কণীৰ পৰা পোৱালী,ফুলৰ পৰা সুৱাস নিৰ্গত হয়,গাখীৰৰ পৰা মাখন প্ৰস্তুত হয় এনেবোৰ সত্যৰ সন্ধানত আৱিস্কৃত এক সত্য ঘটনা ৷
সমগ্ৰ বিশ্ব ব্ৰক্ষ্মাণ্ডই তিনিধৰণৰ কাৰ্য সম্পাদন কৰে ৷ তাৰেই প্ৰথমটো হ'ল সৃষ্টি,দ্বিতীয়টো স্থিতি বা প্ৰতিপালন,তৃতীয়টো প্ৰলয় বা বিনাশ ৷ এনে বোৰ কাৰ্য নিত্য নৈমিত্ৰিক ঘটি থকা ঘটনা ৷ যিবোৰ সদায় দেখি থাকো ৷ এই সকলোবোৰ সত্য স্বৰূপ আৰু ভগৱানৰ অস্তিত্ব প্ৰমান কৰে ৷
মানুহে আজিকালি মূল সত্য উপলব্ধি নকৰি ভগৱানক লৈ বিতৰ্ক কৰা দেখা যায় ৷ ভগৱৎ অন্বেষণ বৰ কঠিন ৷ কাৰণ  ভগৱান সত্যৰো সত্য ৷ তেওঁ পুণ্য কীৰ্তিত আৰু পাপ কৰ্মত পাপ ৷ গীতাৰ মতে সকলো বস্তুতে ভগৱান ৰস হিচাপে থাকে ৷ গাখীৰত মাখনৰ দৰে,মৌত মিঠা  সোৱাদ থকাৰ দৰে প্ৰত্যেক বস্তুতে ভগৱানেই হল সজ উপাদান(ৰসোবৈসঃ) তেওঁ প্ৰতিটো বস্তৰে ৰস ৷  এয়েই ভগৱানৰ বৈশিষ্ট ৷
চৰ্পতত চেনী থকাৰ দৰে বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তুতে ভগৱান অন্তনিৰ্হিত হৈ আছে ৷ যাক চকুৰে দৃষ্টি গোচৰ নহয় উপলব্ধিহে কৰিব পাৰি ৷
সৃষ্টি, স্থিতি আৰু লয় পূৰ্ব নিদ্ধাৰিত অনুসৰি চলি থাকে ৷ বেদৰ মতে তিনিও কাৰ্যৰ গৰাকী ভগৱান ৷ উপনিষদে যাক সিদ্ধ বুলি কয় ৷
এই তিনিওটা বস্তুৰ অধীন নোহোৱা বস্তু স্বৰাচৰ জগতত নাই ৷ কোনোৱে এই সত্যৰ সত্যতা অস্বীকাৰ কৰিৱ নোৱাৰে ৷ দাৰ্শনিক,বিজ্ঞানী,ডাক্তৰ আদি সকলেও এই সত্য স্বীকাৰ কৰি লয় ৷ এই পদ্ধতিৰ গৰাকীয়েই হ'ল ভগৱান ৷ তেওঁৰ সংকল্প অনুসৰি এই তিনিটা পদ্ধতি ঘটে ৷ সমগ্ৰ বিশ্বজগত এই তিনিটা পদ্ধতিতেই আৱৰ্ত হৈ আছে ৷

             মানুহৰ সকলো আৱেগ অন্তৰৰ পৰাই উদ্ভৱ হয় ৷ অন্তৰখন যেতিয়া পৱিত্ৰ আৰু নিৰ্মল কৰি ৰখা হয় তেতিয়া আমাৰ সকলো চিন্তা,কথা আৰু কাৰ্য্য সদায় মধুৰ হয় ৷ যেতিয়া অন্তৰ খন সজ উদ্দেশ্যত উৎসৰ্গ কৰা হয় তেতিয়া সকলো কাৰ্য্য ন্যায়সঙ্গত হয় আৰু আমাৰ জীৱনে মুক্তি লাভ কৰে ৷ আমাৰ সকলো ভাল বেয়া অন্তৰৰ পৰাই প্ৰকাশ পায় ৷ ভাল আৰু বেয়াক কাচিৎহে ইটোৰ পৰা সিটোক পৃথক কৰিৱ পাৰি ৷ যিঁহত দুয়োটা অবিচ্ছেদ্য ৷ সুখ এটা বেলেগ অৱস্থা নহয়,ই দুখ কষ্টৰ লগত জড়িত ৷
ভগৱানৰ একাত্মতাই প্ৰত্যেক বস্তুকেই অন্তৰ্ভুক্ত কৰে ৷ এই একাত্মতা উপলব্ধি কৰাৰ উপায়েই হল মানৱীয়তা ৷ ধৰ্ম শাস্ত্ৰবোৰত উল্লেখ আছে যে সকলো প্ৰাণীতে একে দিব্য শক্তি বিদ্যমান ৷
মানৱ শৰীৰ পঞ্চকোষৰ দ্বাৰা নিৰ্মিত আৰু সজ্জ্বিত ৷ সেই কেইটা হল: - অন্নময় কোষ,প্ৰাণময় কোষ,মনোময় কোষ,বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ ৷
এই পঞ্চকোষৰ ভিতৰত বিজ্ঞানময় কোষ কেৱল মানৱ শৰীৰতহে আছে ,অন্য প্ৰাণীত নাই ৷ বিজ্ঞানময় কোষৰ নিচিনা অমূল্য দানৰ গুৰুত্ব আমি মানুহে উপলব্ধি কৰা উচিত ৷ ইয়াক অপব্যৱহাৰ কৰা উচিত নহয় ৷ মানুহে সপ্ত গুণৰাশিৰ কথা বিস্মৃতি হৈ অন্নময় কোষক অধিক গুৰুত্ব দি অৰ্থহীন জীৱন যাপনহে আমিবোৰ কৰিছো ৷ প্ৰকৃততে অন্নময়কোষ বেছি গুৰুত্বপূৰ্ণ নহয় ৷ অন্নময় কোষক নিৰ্ভৰ কৰি থকা পৰ্য্যন্ত মানুহে শান্তি পাব নোৱাৰে ৷
              নাৰদ মুনিয়ে জ্ঞানৰ চৌষষ্ঠি শাখাত ব্যুৎপত্তি লাভ কৰিও মনত শান্তি লভিব পৰা নাছিল ৷ গতিকে সনৎ কুমাৰ ওচৰত পৰিত্ৰাণৰ উপায় বিচাৰিছিল ৷ সনৎ কুমাৰ চাৰি সিদ্ধৰ ভিতৰত এজন ৷ উত্তৰত মাথোন এটাই কৈছিল:-"নাৰদ, জ্ঞানৰ এনেকুৱা এটা ক্ষেত্ৰ নাই য'ত তুমি পাৰ্গত নহয় ৷ বেদ উপনিষদ আৰু অন্যান্যধৰ্ম শাস্ত্ৰবোৰে দিয়া সকলো বিধি ব্যৱস্থাৰ উপায় তুমি জানা ৷ কিন্তু তোমাক এইবোৰে অকণো জ্ঞান দিব পৰা নাই ৷ এই সকলো জ্ঞান ইন্দ্ৰিয় গ্ৰাহ্য পৃথিৱীৰ লগতহে সমন্ধ যাৰ বৈশিষ্ট অনিত্য ৷ তুমি শ্বাশত জ্ঞান লাভ কৰিৱ নোৱাৰালৈকে শান্তি লাভ কৰিব 
নোৱাৰা ৷"
সেই একেই সত্য আজিৰ বিজ্ঞানী সকলেও প্ৰমাণ কৰিছে  আৰু ঘোষণা কৰিছে ৷ বিজ্ঞান প্ৰকৃতিৰ কৰ্মবোৰৰ সতে জড়িত ৷ পাৰ্থিৱ দেহটোৰ প্ৰয়োজনীয় বস্তুবোৰৰ ই যোগান ধৰে ৷ দেহটোৰ যত্ন লোৱাটো যে আৱশ্যক তাত কোনো সন্দেহ নাই ৷ কিন্তু দেহটোক একমাত্ৰ সত্য বুলি বিবেচনা কৰা উচিত নহয় ৷ যি কি নহওক প্ৰত্যেকে ইয়াৰ ভৰণ-পোষণ আৰু সুখৰ কাৰণে সকলো ধৰণৰ চেষ্টা উৎসৰ্গ কৰিব লাগে ৷কাৰণ সকলো সাফল্য দেহটোৰ ওপৰতে নিৰ্ভৰ কৰে ৷ এনেকৈয়ে  ভগৱানকো দেহটোৰ জৰিয়তেহে উপলব্ধি কৰিব পৰা যায় ৷ কিন্তু দেহটো তুমি,মই, আমি নিজে নোহোৱা ভগৱানক উপলব্ধি কৰাৰ কাৰণে ই এটা যন্ত্ৰ মাথোন ৷ ইয়াৰ ওপৰিও পৰমাত্মা দেহটোত অন্তনিৰ্হিত হৈ আছে ৷
           
          প্ৰেম আৰু ত্যাগৰ নিচিনা বহুতো পবিত্ৰ গুণ মানুহৰ আছে ৷ কিন্তু মানুহে 
 সৰ্বান্তঃকৰণে অভ্যাস নকৰে ৷ প্ৰত্যেক মানুহৰ অন্তৰত দেৱত্ব আছে ৷ এই দেৱত্ব বোধগম্য কৰিব নোৱাৰাৰ কাৰণ হেতুকেই মানুহ পাৰ্থিৱ আনন্দত লিপ্ত থাকি জীৱনটো অবাবত নষ্ট হৈছে ৷ পৃথিৱীৰ সকলো সৃষ্ট বস্তুৰ ভিতৰত মানুহেই একমাত্ৰ মূল্যৱান ৷ কাৰণ আন বস্তু মূল্যৱান হ'লেও সেইবোৰ মানুহৰ পৰাহে মূল্য নিৰ্ধাৰিত হয় ৷ মানুহৰ ক্ষেত্ৰত প্ৰেমেই হ'ল দিব্যত্ব গুণ ৷ প্ৰেমেহে ভগৱান ৷ প্ৰেমেৰে জীয়াই থাকা আৰু সকলোতে প্ৰেম কৰ্ষণ কৰাটোৱেই শ্ৰেয় ৷ প্ৰেমেৰে শত্ৰুৰো হৃদয় জয় কৰিব পৰা গুণ মানুহে মানুহৰ মাজত নিদৰ্শন আছে ৷ এই বিশাল পৃথিৱীখনে উদাৰ হৃদয়ৰ প্ৰেম  আহ্বান কৰে ৷ তেতিয়াহে মানুহৰ মনুষ্যত্ব বিকশিত হ'ব ৷ দুখ কষ্টবোৰ মানৱ অস্তিত্বৰ আনুষাঙ্গিক ৷ সেইবোৰ যথা সময়ত পাৰ হৈ যায় ৷ আমি পোষণ কৰা উৎকৰ্ষতাহে স্হায়ী ৷
     
                 ভগৱানৰ পূজা মানে কি?  ধ্যান,তপ,জপ আদিৰ অভ্যাস স্বাৰ্থপৰতাৰ দ্বাৰা কলুষিত হৈছে ৷ নিজৰ দেৱত্ব উপলব্ধি কৰি ভগৱানৰ সতে একাত্ম হ'বলৈ বিচৰাটোহে হ'ল ভগৱানৰ পূজা ৷ আমি মানুহবোৰে উপলব্ধি কৰা উচিত যে দেহটো হ'ল পবিত্ৰ বেদী, কাৰণ ইয়াৰ আবাসী হ'ল ভগৱান ৷ ভগৱান অন্তৰস্ত  আবাসী বুলি বোধগম্য হ'লে মানুহে দুৰ্গুনবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰিম ৷
অহংকাৰ ভাবেই আমাৰ মানুহৰ নিকৃষ্টতম ঘোৰ শত্ৰু ৷ প্ৰেমবৰ্দ্ধন কৰি মানুহে সকলো প্ৰাণীতে ভগৱান দেখিব পাৰে ৷ ই বিভিন্ন চছমাৰ দৰে ৰঙীন হৈ পৰাৰ লগতে এই প্ৰেমৰ চছমাৰে পৃথিৱীখন চাওঁ তেনেহলে পৃথিৱীৰ চাৰিওফালে প্ৰেমেই দেখা পাম ৷ কেৱল চছমা আৰু দৃষ্টি দুয়োটাৰে সমন্বয় থাকিব লাগিব ৷ কেৱল চকুত প্ৰেমৰ চছমা ব্যৱহাৰ কৰিহে পৃথিৱীৰ মনোমোহা দৃশ্য চাব পাৰি ৷ প্ৰেমৰ পথতকৈ আন কোনো প্ৰশস্ত আধ্যাত্মিক পথ জগতত একোৱেই নাই ৷ প্ৰেমৰ যোগেদি দয়া,কাৰুণ্য আৰু সহানুভূতি আদি মহাগুণ পোষণ কৰিৱ পাৰি ৷
ভগৱানৰ ক্ষেত্ৰত কাৰো শঙ্কা থকা মানুহৰ উচিত নহয় ৷ সন্দেহবাদী লোকে একো লাভ কৰিব নোৱাৰে ৷ পূৰ্ণ প্ৰত্যয় আৰু পূৰ্ণ প্ৰেমেৰে আমি যিকোনো কাম সমাধান কৰিব পাৰোঁ ৷  আমি উপলব্ধি কৰা উচিত যে ভগৱানৰ গুণৰ কৃপাতহে সঙ্গীত,সাহিত্য আৰু কলাৰ ক্ষেত্ৰত দক্ষতা অৰ্জন কৰিব পাৰিছো ৷ সকলো চাৰু কলা ভগৱানৰেই দান ৷ নিজৰেই কেৱল কৃতকাৰ্যতা বুলি কোনোৱে একো দাবী কৰিৱ নোৱাৰে ৷ ভগৱানৰ কৃপা প্ৰাপ্ত জনৰ কোনো অভাৱ নাথাকে ৷ তেওঁ কোনো যাতনা নাপায়  আৰু তেওঁ কোনো ভুল নকৰে ; কিয়নো তেওঁ ভগৱানৰ ওচৰত সকলো সমৰ্পন কৰিছে ৷ যি মানুহে ভগৱানক তেওঁৰ সকলো বুলি বিবেচনা কৰে তেওঁ ভগৱানৰ লগত একীভূত হৈ পৰে ৷ সেইকাৰণে ভগৱানৰ ফালে মনটো নিবিষ্ট কৰিব লাগে ৷

(বি:দ্ৰু: - বিভিন্ন গ্ৰন্থৰ আলম লৈ)


✍️জ্যোতিষ্ক বৰুৱা 
নামৰূপ, অসম 
ম'বাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)