শৰতৰ আগমন••ৰঞ্জু গায়ন বৰুৱা

Rinku Rajowar
0
শৰতৰ এটি সেমেকা ৰাতি, 
শুনিছো নিয়ৰৰ ৰুনজুন মাত !
লিখিব খুজি, 
থমকিহে ৰও, 
লিখো-নিলিখো কৈ  লিখিয়ে থওঁ ,  প্ৰেমৰ
  এখিলা পাত । 
 মাজনিশা মোৰ মনৰ কোঠালিত ,  কোনে আহি টুকুৰিয়ালে ? 
বুজিব খুজিও বুজিব পৰা নাই , 
এইয়া দিঠক নে সপোন ! 
হঠাতে দেখো চকামকাকৈ নিয়ৰ সেমেকা এখনি ছবি ,
আউল লগা মনৰ । 
ভাৱনাত  পুৱাৰ  কোমল  ৰ'দালিয়ে পেলাল  যতি , 
চন্দ্ৰমাক সাৱটি তৰাই জ্যোতি বিলালে বিষাদ ভৰা ৰাতিৰ নিৰৱতাত।

📌ৰঞ্জু গায়ন বৰুৱা
 নামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)