হিয়া আৰু দিয়া চাকৰি সূত্ৰে দুয়োজনী একেখন চহৰৰ কাষেৰে সৰু গলি এটাত বস - বাস কৰে ।হিয়াই চহৰ খনত নতুন কৈ আহিছিল । দিয়াই কেইবাটাও বছৰ হ'ল চহৰ খনত বস- বাস কৰি থকা।দুয়োজনী বৰ ভাল বান্ধৱী আছিল।দুয়োজনী একেই খন কাৰ্য্যালয়তে চাকৰি কৰিছিল।
সিদিনা দেওবাৰ আছিল দুয়ো একেলগে আজৰি সময় কণত চহৰখন ফুৰিবলৈ ওলাই গৈছিল।চহৰৰ সৰু সৰু গলি বোৰত দুয়োজনী আজৰি সময়ত ফুৰিছে।
হঠাৎ পথৰ কাষত এজনী গাভৰু ছোৱালী জনীয়ে পথৰ কাষৰ ডাষ্টবিনটোৰ পৰা হাত ভৰাই খোৱা খাদ্য বিচাৰিছিল। তাই কেইদিনমান একো নোখোৱাকেই আছিল। তাই ভোকত থাকিবলৈ পৰা নাই, সেই কাৰণে ডাষ্টবিনটোৰ পৰা আধা খাই পেলাই দিয়া খাদ্য বোৰ বুটলি খাই ভোক নিবাৰ্ণ কৰিছে।
হঠাৎ হিয়াৰ চকুযোৰ ছোৱালীজনী লৈ গʼল ।হিয়াই থমকি ৰৈ গ'ল । ছোৱালী জনীলৈ এঘন্টা মান চাই থাকিলে। দিয়াই হিয়ালৈ মনেই কৰা নাছিল । দিয়াই ফোনটো পিটিকি পিটিকি আধা বাট পালেহি ।হিয়াই তাতেই ৰʼ লাগি চাই আছিল।
দিয়াই ফোনটো এৰি হঠাৎ হিয়ালৈ চাই পঠিয়ালে কিন্তু হিয়াচোন পাছফালেই থাকি গ'ল। দিয়াই আকৌ উভতি গৈ হিয়াক মাত লগালে।
:- হিয়া কি হ'ল ? তই ইয়াতে থাকি গʼলি যে কিয় ?
হিয়াই দুখ মনেৰে মাত লগালে ।
:- দিয়া ঐ ! সেই পাগলী জনীলৈ চা না ।
দিয়াই হিয়াৰ মুখখন লৈ চাই ক'লে -
:-তাই পাগলী নহয় ।ভালেই হয় । কিন্তু মানুহৰ ব্যৱহাৰত তাই আজি পাগলী হৈ পথৰ দাঁতিত থাকিবলগীয়া হ'ল ।
হিয়া ক'লে :- তাইক তই চিনি পাওঁ নেকি?
:-উম ! পাওঁ । ভালদৰেই চিনি পাওঁ ।
তাইৰ মাক-দেউতাক সকলো আছিল ।জুপুৰি এটাতে তাইৰ পৰিয়ালটো সুখী আছিল।দুবেলা দুমুঠি পেট ভৰাই খাই আছিল। তাই ও পঢ়ি আছিল ।পঢ়া শুনাও বৰ ধুনীয়াকৈ চলি আছিল ।
তাই যৌৱনৰ বলিয়া বতাহ এজাকৰ মাজত সোমাই পৰিল ।যৌৱনৰ কালটো কেনেকুৱা হয় জনাইচোন?
ঠিক তেনেদৰে তাই চাৰি চকুৰ মিলনত এজন লʼৰা লগত এটি বৰ ভাল সম্পৰ্ক লৈ আহিছিল ।
মৰম ,ভাল পোৱা বোৰো বৰ ভাল কৈ চলি আছিল।
সিজনে ইজনক বৰ বিশ্বাস কৰিছিল। সেই বিশ্বাসৰ বাৰেই আজি তাই পাগলী ।
হিয়া ক'লে :- হয় আকৌ ! তেনেকুৱা বহুত ছোৱালী আছে ,লʼৰা বোৰক নিজত কৈওঁ বেছি বিশ্বাস কৰা কাৰণে ছোৱালী বোৰে সকলো এৰি দিয়ে । কিন্তু পিছতহে বুজি পায়। যেতিয়া জীৱনটো অচল হয় পাগলীৰ দৰে ঘূৰি ফুৰে ।দিয়া বাকী বোৰ কোৱা আকৌ!
:-উম!ঠিক কৈছঁ । তেনেকুৱাই হ'ল নিজত কৈ বেছি বিশ্বাস কৰি লʼৰা জনৰ ওচৰত নিজৰ দেহাটোকে দি দিলে । লʼৰায়ে যদি ছোৱালীৰ দেহাটো পালেচোন জানই আৰু কি কৰে ?ঠিক তেনেকৈ তাক এমাহ মান লগ কৰিবলৈ মাতে আৰু সদায় তাইৰ লগত যৌৱন নিৰ্যত কৰি এৰি দিয়ে । ছোৱালী জনীও একো নকʼয়
কাৰণ তাইৰ হ'ব লগা নিজৰ মানুহ জন বুলি বিশ্বাস কৰি নিজৰ দেহাটোক সপি দিলে।
কিন্তু বেচেৰিৰ দিন বেয়া আজি ভৱাৰ দৰে নহ'ল । ওলোটা হৈ পৰিল ।
তাই যেতিয়া গৰ্ভৱতী হ'ল । হঠাৎ তাই এদিন ফোন কৰি লʼৰা জনক ক'লে
:- ঐ শুনিছা নে?
:-কি হ'ল ?
:- মই যে পাছ মাহৰ গৰ্ভৱতী হৈ গʼলো ।কি হ'ব এতিয়া?
লʼৰাজনে বৰ ডাঙৰ ডাঙৰ কথাৰে ক'লে
:- হ'ব হ'ব লʼৰা লগত ৰাতি ৰাতি ঘূৰিবি আৰু এতিয়া মোক বনাম কৰিবলৈ লৈছ,লাজ লগা নাই ফোন কৰি কʼব আহিছ।
মই গʼম পাওঁ তোৰ দৰে ছোৱালী কাৰণে লʼৰা বোৰক বদনাম কৰিবলৈ মিছা ভাল পোৱাৰ ভাওঁ যোৰে।
তাই কান্দি কান্দি ক'লে
:- মই তোক নিজৰ বুলিহে সকলো কৰিবলৈ সপি দিলোঁ ।তইতো মোৰ লগত ইমান দিনে ৰাতি লৈ ঘূৰি ফুৰিছিল । এতিয়া তই কি কৈছ ?
মই পাগলী হৈ যাম।
লʼৰাটো ক'লে -পাগলী হ'লে হৈ যা । মই কি কৰিম ?
মই আৰু তোৰ লগত নাথাকোঁ । এনেকুৱা চৰিত্ৰহীনা ছোৱালীৰ লগত সম্পৰ্কত থাকে নেকি?
তাই কান্দি কান্দি ক'লে :- তই কিয় মোৰ লগত এনেকৈ কৈছ মই তোৰ অবিহনে থাকিব নোৱাৰোঁ ।তই মোক লৈ যা ।মা দেউতাই গম পালে মোৰ কি হ'ব ?
মোৰ কথাটো ভাৱি চা ভুলটো মোৰে হ'ল কাৰণ মই তোক নিজতকৈওঁ বেছি বিশ্বাস কৰা বাবে আজি এইটো হ'ল ।এই ভুল মই এদিন নিজেই ভোগিব লাগিব ।লʼৰা জনে কথাবোৰ শুনি তাইক এদিন মাতিলে যে আহিবি মই তোক লৈ যাম বুলি।
লʼৰাজনে উপাই বিহীন হয় কৈ দিলে লৈ আনিম বুলি । এতিয়া ঘৰৰ মানুহে গম পালে খেদিব। সেই কাৰণে
লʼৰা জনে তাইৰ কথাবোৰ শুনি লাহে লাহে মন মগজুত এটা বুদ্ধি খেলালে যে :- তাইতো মোৰো নাক কাণ কাটিব মোৰো ঘৰৰ মান সন্মান নষ্ট হ'ব । সেইবাবে ইয়াক ইয়াৰ উচিত দণ্ডতো দিওঁ।
তাইক মাতি আনি ঔষধ খোৱাই তাইৰ গৰ্ভৱত থকা সন্তানটো নষ্ট কৰি দিলে আৰু তাইকো পাগলী দৰে কৰি এৰি দিলে ।
তাই আগতে ইমান পাগলী নাছিল ।তাই ওচৰৰ হোটেল এটাতে কাম কৰি আছিল ।আজিৰ পৰা প্ৰায় এবছৰ হ'ব হ'ল তাৰপিছৰ পৰা বেছি পাগলী হৈ গʼল কাম বন এৰি দিলে আৰু ফুটপাতে ফুটপাতে ঘূৰি ফুৰিবলৈ লʼলে । এবছৰৰ আগত মোক তাই হোটেলত লগ পায়
কথাবোৰ কৈছিলে । মই শুনি বৰ দুখ পালোঁ আৰু মই এদিন সেই হোটেল খনত গʼলো । কিন্তু তাইক দেখা নাপালোঁ হোটেলত কাম কৰা মানুহকেইজনক সুধিলো
কিন্তু সিহঁতে ক'লে :-নাজানোঁ আজি এবছৰ হ'ল তাই কাম এৰা ।
তাইক ঔষধ খোৱাই তাইৰ মগজুৰ স্নায়ু কোষবোৰ একেবাৰে দুৰ্বল হৈ যোৱাত পাগলী হৈ গʼল । আজিকালি তাই আনকি মোকো চিনি নাপাই । নহ'লে আগতে যতেই দেখে তাতেই মাত লগাই ।
হিয়া ক'লে :- কি যে হ'ব ?এইবোৰ লʼৰাৰ বাবে এজনী গাভৰু ছোৱালীৰ জীৱনটো ধ্বংস হ'ল ।
দিয়াই ক'লে:- হ'ব দে যাওঁ আহ। যি হ'ল হ'লে আৰু আমি নো কি কৰিম ? নিজৰ মা দেউতা যদি নিজৰ লʼৰা ছোৱালীৰ ওপৰত চকু নাৰাখে ।আমি কি কʼম?
হ'ব যা হে হিয়া।
:-উম! যা । কথাখিনি শুনি বৰ দুখ লাগিল অʼ।
হিয়াই কথাখিনি শুনি নিৰৱ হৈ নিজৰ গলিটোৰ ফালে আগবাঢ়ি গ'ল ।দিয়াও মনতো সেমেকাই নিজৰ ঘৰলৈ গʼল।
📌মিন্টু গোৱলা, লখিমপুৰ কদম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ