তুমি কাষত নাথাকিলে••উৰিস্মা নাথ

Rinku Rajowar
0
তুমি কাষত নাথাকিলে
বুকুখন দেখোন উৰুঙা হৈ পৰে,
ইচাত-বিচাত চঞ্চল মনটোও
যেন তোমাৰে ঠিকনা বিচাৰি
মেঘাচ্ছন্ন আকাশৰ পৰা
সৰি থকা শিমলু তুলাৰ দৰে,
দূৰ-দিগন্তলৈ উৰা মাৰে।
আশাবোৰ দুগুণে বাঢ়িব ধৰে,
নাজানো কি পাওঁ?
তোমাৰ কাষত,
এবাৰলৈ ভাবি নাচাওঁ,
মাথোঁ সদায় বহুৱাই থ'ব
মন যায় তোমাক
মোৰ হৃদয়ৰ কোঠালীত।
তোমাৰ উপস্থিতিত মই যে, 
নিজে নিজৰ প্ৰেমত পৰো
আকৌ এবাৰ,
প্ৰেমৰ কি যে মাদকতা!
ক্ষন্তেকতে হেৰাই যায় মোৰ 
প্ৰতিদিনৰ নিসংগতা।

 ✍️ উৰিস্মা নাথ
     গৰুখুটি (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)