এক ৰাতিৰ বেশ্যা••অক্ষয় জ্যোতি বৰা

Rinku Rajowar
0
ৰীণা পঢ়া-শুনাত সৰুৰেপৰাই ভাল আছিল। উচ্চ শিক্ষাৰ বাবে চহৰত পঢ়িবলৈ গৈছিল ৰীণা আৰু তাইৰ ভাল বান্ধৱী এজনীয়ে। নতুন পৰিৱেশ, নতুন ঠাই, নতুন মানুহ। তাই প্ৰথম কেইদিনমান ঠিকেই আছিল। নিয়মীয়াকৈ ইউনিভাৰ্ছিটি যায়, ৰুমলৈ আহে। এনেকৈয়ে এমাহ পাৰ হৈছিল হে তাইৰ স্বভাৱ-চৰিত্ৰ সলনি হ'বলৈ ধৰিলে। তাই ৰুম আহোঁতে ৰাতি দেৰি হয়, প্ৰায় ১১:৩০ মান বাজে। ইউনিভাৰ্ছিটিলৈ বুলি ওলাই যায় কিন্তু.......
       তাই আগৰ গাঁৱৰ ৰীণাজনী হৈ থকা নাই , এতিয়া তাই নাভি ওলোৱা চুটি কাপোৰ পিন্ধি নগৰৰ মাজ মজিয়াত নিজৰ শৰীৰ দেখুৱাই ফুৰিব পৰা হ'ল। , সদায় নতুন নতুন ল'ৰাৰ লগত ফুৰে, ৰাতি পাৰ্টি কৰে । গাঁৱৰ ঘৰত মাক-দেউতাকৰ লগত বহি চাহ খোৱা ছোৱালীজনী এতিয়া ৰাতি পাৰ্টিত মদৰ বটল হাতত লয়। ৰীণাৰ বান্ধৱীজনীয়ে তাইৰ কথা মাক দেউতাকো কৈছে ।  মাক-দেউতাকেও তাইক বুজাইছে কিন্তু তাই কাৰো কথা নুশুনে , তাইৰ যেন বেয়া কামবোৰ অভ্যাস হৈ  পৰিছিল।   তাইক পইচাৰ দৰকাৰ হ'লেহে  ঘৰলৈ ফোন কৰে , নহ'লে খবৰ এটাও নলয়, ঘৰৰ ফোন আহিলেও তাই ৰিছিভ নকৰে। তাইৰ এই স্বভাৱৰ বাবে ঘৰৰ পৰা পইচা নিদিয়া হ'ল।  গতিকে তাই এতিয়া নিজে পইচা উলিয়াই। তাই  এতিয়া সদায় অচিনাকী ল'ৰাৰ লগত বেয়া কামত লিপ্ত হয়। তাই হৈ পৰিল ৰাতিৰ বেশ্যা।
  তাই ঘৰৰ , মাক দেউতাকৰ সকলোৰে সন্মান শেষ কৰি পেলালে । কিমান আশাৰে জীয়েক (ৰীণা) ক চহৰত পঢ়িবলৈ পঠাইছিল।। 
                          
✍️ অক্ষয় জ্যোতি বৰা 
      ফোন নং- ৬০০১৮৯৮৭৫০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)