অসমৰ শক্তি বিভাগ আৰু বিদ্যুৎ কৰ্মী- পংকজ ৰবিদাস

©Admin
0
ইলেক্ট্ৰনৰ গতিয়েই বিদ্যুৎ প্ৰবাহ, যাক কাৰেন্ট বুলি কলেহে বুজি পাওঁ। এই বিদ্যুৎশক্তি আজি জনকল্যাণ বা দেশৰ উন্নয়নৰ বাবে অপৰিহাৰ্য। বিজুলী বাতি, কল-কাৰখানা, ভ্ৰাম্যমাণ দূৰভাষ যন্ত্ৰ - (যিটো আমি মোবাইল ফোন বুলি জানো) আদিকে ধৰি দৈনন্দিন ব্যৱহাৰ্য ইলেকট্ৰনিক যন্ত্ৰপাতিৰ বাবে বিদ্যুৎ হৈছে অম্লজান সদৃশ। গতিকে বিদ্যুৎ অবিহনে প্ৰগতিৰ গতি মন্থৰ হৈ পৰিব; দেশৰ বিকাশৰ ঘোঁৰাই চেকুঁৰিবলৈ বাট নাপাই অবাটে যাব। সেয়ে পোহৰৰ বাটেৰে বাট বুলিবলৈকে বিদ্যুৎ উৎপাদন কৰা হয়, তাৰ পিছত পৰিবৰ্তক যন্ত্ৰ -যাক আমি ট্ৰেন্সফৰ্মাৰ বুলিহে জানো, সেই যন্ত্ৰটোৰ জৰিয়তে নিম্ন বিভৱলৈ পৰিৱৰ্তন কৰি পৰিবহণ আৰু শেষত উপভোক্তাৰ বাবে বিতৰণ কৰা হয়। এই বিদ্যুৎ বা শক্তি খণ্ডক লৈয়েই আমাৰ ৰাজ্যত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন হৈ পিছলৈ তিনিটা কোম্পানী অথবা নিগমত বিভক্ত হৈ পৰিল। এই তিনিটা কোম্পানী যথাক্ৰমে অসম শক্তি উৎপাদন নিগম পৰিসীমিত -যাক সংক্ষেপে জেনেৰেচন বুলিয়েই জানো, অসম বিদ্যুৎ গ্ৰীড নিগম পৰিসীমিত- যাক সংক্ষিপ্ত ৰূপত গ্ৰীড বুলিয়েই কোৱা হয় আৰু অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত- যিটো সচৰাচৰ ডিষ্ট্ৰিবিউচন বুলিয়েই কোৱা হয়; আদি নামেৰে গঠন হ'ল যদিও সৰ্বসাধাৰণৰ মাজত এপিডিচিএল বা অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত নামৰ বিভাগটোৱে বেছিকৈ পৰিচিত। কাৰণ বিদ্যুৎ শক্তি বিলাবলৈ অৰ্থাৎ গাঁও -নগৰৰ চোকে কোণে বিজুলী চাকিৰ পোহৰে পোহৰাই তুলিবলৈ এই বিতৰণ কোম্পানীৰ লগত জনসম্পৰ্ক গঢ়ি উঠে। অৱশ্যে দুই এক কৰ্মচাৰীৰ অনীতিমুলক অতিৰিক্ত ধনৰ লোভত বিভাগৰ ক্ষতি হোৱা কামত লিপ্ত হোৱা বা অন্যায় ভাৱে ঘোঁচ বা ধন লৈহে উপভোক্তাৰ সেৱা আগবঢ়োৱাৰ বাবে কেতিয়াবা বদনামৰ ভাগীও হ'ব লগা হয়গৈ। অসম ৰাজ্যিক পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ উত্থাপিত এক অভিযোগ হৈছে- ওপৰ গধুৰ ব্যৱস্থা অৰ্থাৎ বিষয়াতকৈ কাৰিকৰী কৰ্মচাৰীৰ সংখ্যা প্ৰয়োজনতকৈ নিচেই কম আৰু সেয়েহে বিভাগটোৱে উপযুক্ত অথবা প্ৰয়োজন অনুসৰি সেৱা আগবঢ়াবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া কথাটো দিনৰ পোহৰৰ দৰে সত্য। আমাৰ অসমীয়াত সচৰাচৰ ব্যৱহৃত এক ফঁকৰা যোজনা হ'ল-শাকত নাখায় লোণ, পিটিকাত যায় তিনিগুণ। এই যোজনাৰ লগত বিদ্যুৎ বিভাগক ৰিজাই ক'ব পাৰি যে কেতিয়াবা কেতিয়াবা বিদ্যুৎ বিভাগৰ পিটিকাত শাকতকৈ ১০ গুণ অধিক খৰচ হোৱা যেন লাগে। ব্যয় সংকোচনৰ নীতিৰে নিম্ন বৰ্গৰ কৰ্মচাৰীৰ প্ৰয়োজন অনুসৰি নিযুক্তি দিয়া হোৱা নাই। অত্যন্ত প্ৰয়োজনত তলৰ শ্ৰেণীৰ কৰ্মচাৰী ঠিকাভিত্তিত বা দৈনিক মজুৰি ভিত্তিত নিযুক্ত হৈছে। আনহাতে প্ৰয়োজনতকৈ অধিক বিষয়াৰ পদৰ সৃষ্টি কৰা যেন লাগে। কেতিয়াবা দেখা যায় যে নতুনকৈ সৃষ্টি কৰা উচ্চ পদৰ বিষয়া সকলৰ স্থায়ী কাৰ্যালয় গৃহও নাই অথবা কৰিবলৈ একো বিশেষ কামো নাথাকে। কেৱল বিষয়াসকলৰ পদোন্নতি দিয়াৰ স্বাৰ্থত এনে পদৰ সৃষ্টি কৰা হয়। তেওঁলোকে আনকি নিম্ন বৰ্গৰ কৰ্মচাৰীৰ সমস্যা সমূহো সমাধান কৰিবলৈ অসমৰ্থ হোৱা বাবে তেওঁ লোকক নখ দন্তহীন বাঘৰ লগত ৰিজাব পাৰি। যাৰ ফলত সাধাৰণ কৰ্মচাৰী সকলৰ লাভ হোৱাৰ বিপৰীতে ৰঙাফিটাৰ মেৰপেচৰ লগতে অনাৱশ্যক ব্যয় বৃদ্ধি হ'ল। বিষয়াৰে ভৰি থকা এই বিভাগত কিন্তু কাৰিকৰী শিক্ষাৰে শিক্ষিত তথা আই টি আই উত্তীৰ্ণ বিদ্যুৎ কৰ্মচাৰী সকলক চতুৰ্থ বৰ্গত নিযুক্তি দিয়া কথাটো কোনোপধ্যেই ন্যায় সংগত আৰু যুক্তিসংগত নহয়। ভূতৰ ওপৰত দানৱ পৰাদি সহায়ক পদৰ পৰা পদোন্নতি দি ইলেকট্ৰিচিয়ান, লাইন মেন আৰু পাৱাৰ পেনেল অ'পাৰেটৰ দিয়া আই টি আই বিদ্যুৎ কৰ্মচাৰী সকলৰ গ্ৰেড পে অসম চৰকাৰৰ আন বিভাগৰ একে অৰ্হতাৰ ইলেকট্ৰিচিয়ান সকলে পোনপ্ৰথমেই লাভ কৰা গ্ৰেড পে তকৈ কম হোৱা কথাটোও আন এক প্ৰবঞ্চনা নুবুলি নোৱাৰি। আনহাতে ৩ বছৰৰ অন্তৰত কাৰিকৰী কৰ্মচাৰীক পদোন্নতি দিয়াৰ নিৰ্দেশ থকাৰ পাছতো ৮/৯ বছৰলৈ পদোন্নতি কিছুমান সংমণ্ডলত বিভিন্ন অজুহাতত দিয়া নহয়। তাৎপৰ্যপূৰ্ণ কথা এয়েই যে নিম্ন বৰ্গৰ কাৰিকৰী কৰ্মচাৰীৰ বাবে সঠিক সেৱা বিধিয়েই প্ৰস্তুত কৰা হোৱা নাই। বিদ্যুৎ হ'ল প্ৰকৃততে বিপদজনক কুকুৰৰ দৰে। বিলাতী এল চিচিয়ান কুকুৰক মালিকে প্ৰশিক্ষণ ও নিৰ্দিষ্ট নীতি নিয়মেৰে বশ কৰি পুহি ৰখা দেখা যায়। কিন্তু অপৰিচিত জনক দেখিলে সেই কুকুৰে কামুৰি বিপদ ঘটাব পাৰে। তেনেদৰে বিদ্যুৎ ব্যৱহাৰৰ নীতি নিয়ম সমূহ জানিলে আৰু বিদ্যুৎ সুৰক্ষাৰ বিষয়ে জানিলে বিদ্যুৎ আমি প্ৰয়োজনীয় কাম-কাজত বিপদমুক্ত হৈ ব্যৱহাৰ কৰিব পাৰিম। কিন্তু সঠিকভাৱে নীতি নিয়ম সমূহ পালন নকৰিলে বা অনভিজ্ঞতাৰ বাবে আৰু কেতিয়াবা আনৰ অসাৱধানতাৰ ফলত বিদ্যুৎ কৰ্মচাৰী সকলে দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰিব লগাও হয়। কামৰ অত্যধিক চাপ আৰু কেতিয়াবা সঠিক সজুঁলিৰ ব্যৱহাৰৰ অভাৱতো এনে ধৰণৰ দূৰ্ঘটনা হোৱা দেখা যায়। কিন্তু এই বিপদজনক বিদ্যুৎশক্তিৰ লগত জড়িত কৰ্মচাৰী সকলে নানান সমস্যাৰ মাজেৰে ই কৰ্তব্যত ব্ৰতী হৈ আহিছে। বিদ্যুৎ কৰ্মচাৰী সকলে বিভাগৰ জৰাজীৰ্ণ বাসগৃহত থাকিয়েই বাসগৃহৰ ভাত্তাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আবাসিক কল'নীৰ ভগা-ছিগা বাসগৃহত থকা কৰ্মচাৰী সকলে পানীৰ ব্যৱস্থাও নিজৰ খৰচতে নিজেই কৰি ল'ব লগীয়া হৈছে। সীমিত কৰ্মচাৰী থকা বাবেই সময়মতে আৰ্জিত ছুটি অথবা নৈমিত্তিক ছুটি পাবলৈও সাধাৰণ কৰ্মচাৰী সকলেও অসুবিধাৰ সন্মুখীন হয়।
  আনহাতে ৰহস্যজনক কাৰণত গ্ৰীডৰ তিনিচুকীয়া সংমণ্ডলত কাৰ্যালয়ৰ প্ৰয়োজনীয় নিৰ্দেশ থকাৰ পাছতো অতিৰিক্ত কৰ্তব্যৰ ভাত্তা (over time allowance) ২০১৮ চনৰ পৰা পাবলৈ থকাটো উদ্বেগজনক। এনেদৰে বিভিন্ন সংমণ্ডলত কৰ্মচাৰী সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। উৰ্দ্বতন কৰ্তৃপক্ষ বা নিয়ন্ত্ৰণ বিষয়াক প্ৰাপ্য নায্য দাবী উত্থাপন কৰিলেই বিষয়াসকলৰ কোপদৃষ্টিত পৰি পদোন্নতি অবিহনেই স্থানান্তৰিত (transfer) হোৱাৰ বিপৰীতে "হয় ,হুজুৰ "কৰি থকা সকলে নিযুক্তিৰ স্থানতে দীৰ্ঘকাল চাকৰি কৰি অৱসৰ লোৱাৰ উদাহৰণ নথকা নহয়। আশাকৰোঁ উদ্যমী শক্তি মন্ত্ৰী গৰাকীয়ে শক্তি খণ্ডৰ উন্নয়নৰ লগতে খালি হৈ থকা পদসমূহত নিযুক্তিৰ ব্যৱস্থা কৰি ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানত অৰিহনা যোগোৱাৰ লগতে শক্তি খণ্ডৰ নিম্ন বৰ্গৰ কৰ্মচাৰী সকলে সন্মুখীন হোৱা সমস্যা সমূহো সমাধানৰ চেষ্টা কৰিব। প্ৰসংগক্ৰমে উল্লেখ কৰো যে সৰহ সংখ্যক বিষয়া পৰ্যায়ৰ লোকে গৃহজিলা বা সমীপৱৰ্তী জিলাত বদলি হৈ অহা দেখা যায় যদিও সাধাৰণ বৰ্গৰ কৰ্মচাৰী সকলে নানান অসুবিধাৰ সন্মূখীন হ'লেও গৃহজিলা বা সমীপৱৰ্তী জিলালৈ বদলিৰ বাবে আৱেদন নিবেদন কৰিলেও বিভাগে কোনো গুৰুত্ব দিয়া দেখা নাযায়। সেয়ে সাধাৰণ কৰ্মচাৰী সকলৰ বাবে শীৰ্ষ বিষয়া সকলৰ একাংশ চকু মুদা কুলি যেনেই অনুভৱ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)