পূজাৰ বতৰ••লক্ষীৰাম কুৰ্মি

Rinku Rajowar
0
শেৱালি ফুলিলেহে যেন শৰত আহে। শৰত আহিলেহে আহে দূৰ্গা পূজা। পূজা মানেই আনন্দৰ সম্ভাৰ। পূজা বুলিলেই জেলেপী, পূজা মানেই বেলুন, পূজা মানেই নতুন চোলা। এতিয়া অৱশ্যে এই ধাৰণা সলনি হৈছে। বহুতৰ বাবে পূজা মানেই বিলাস। পূজাৰ বন্ধ মানেই কোনোবা ঠাইলৈ ফুৰিবলৈ যোৱা পৰিকল্পনা। পূজা মানেই সপৰিয়ালে বাহিৰত খানা। আৰু হেৰাই গৈছে লাহে লাহে পূজাৰ বেলুন। এটা দিন আছিল কাৰোবাৰ চাইকেলৰ আগত উঠি পূজা চাবলৈ যাওঁতে মনত লৈ যোৱা উৎকণ্ঠা আৰু হেঁপাহ। শাৰদীয় দুৰ্গোৎৱলৈ মাজত মাথোঁ ১টা দিন। তাকে লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই মৃৎ শিল্পীৰ পৰা সাধাৰণ লোকলৈ। আটকধুনীয়া মণ্ডপেৰে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰিবলৈ সাজু পূজা সমিতিসমূহ। সমান্তৰালকৈ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত খনিকৰসকল।অত্যাধুনিক কৌশলেৰে সজাই-পৰাই আটকধুনীয়া কৰি তুলিছে প্ৰতিমাসমূহ।এনেদৰে এতিয়া শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি। উলহ-মালহেৰে শক্তিদায়ীনী মা দুৰ্গাক পূজিবলৈ সাজু হৈছে ভক্তগণ।
চাহ বাগিচাত কৰ্মৰত স্থায়ী আৰু অস্থায়ী শ্ৰমিকসকলে পূজা বুলি  বোনাছৰ কিছু অংশ ধনেৰে সমাপন কৰিব পূজাৰ আনন্দ৷ তেওঁলোকৰ বোনাছৰ ধনৰ কোনো আয় ব্যয়ৰ সঞ্চয়ৰ কথা চিন্তা নাই। মুঠতে বছৰৰ দুৰ্গা পূজাত সন্তানৰ বাবে ওচৰৰ সাপ্তাহিক বজাৰত কাপোৰ, মুখত ঘঁহা লাগতীয়াল সামগ্ৰী, ঘৰৰ বাবে খাদ্য ক্ৰয় কৰা আদি কৰ্মতেই পূজাৰ পূৰ্বে বোনাছৰ কিছু ধন শেষ হয় শ্ৰমিকসকলৰ৷ পূজা যিমানে ওচৰ চাপি আহে তেওঁলোকে দুখ বেদনা, কষ্ট সকলো পাহৰি আনন্দত মতলীয়া হৈ পৰে। পূজাত কোনে কোন ঠাইলৈ ফুৰিবলৈ যাব তাৰে পৰিকল্পনালৈয়ো তেওঁলোকৰ মাজত চৰ্চা। পূজাৰ আনন্দই ক্ষন্তেকৰ বাবে জীৱনৰ দুখ-কষ্ট পাহৰাই পেলায়৷ নাই কোনো আক্ষেপ,নাই কোনো অভিযোগ৷ পূজা মেলাৰ পৰা আবেলি ঘৰলৈ ঘূৰি আহোতে দুহাতত লৈ অহা 'সাপ বেলুন' বা ডাঙৰ ৰং-চঙীয়া বেলুনবোৰৰ মাজতেই কেন্দ্ৰীভূত হয় সকলো হেঁপাহ। সেই অনুভৱবোৰ আজি প্ৰজন্মই হয়তো ৰোমন্থন কৰিব নোৱাৰিব। পূজাৰ বেলুন তেওঁলোকৰ বাবে এতিয়া অলাগতিয়াল বস্তু। যিসকলে পূজাৰ সেই পুৰণি দিনৰ স্মৃতি মনত লৈ ফুৰিছে। ফুলাই দিয়া বেলুনটোৰ পৰা ওলোৱা গোন্ধ, পূজাৰ সময়খিনিৰ শেৱালীৰ সুগন্ধতকৈ কম নহয়।
শৰতৰ প্ৰতিটো পুৱা তলসৰা শেৱালিয়ে হৃদয়ত জগাই তোলে আনন্দৰ জোঁৱাৰ। পুৱা উঠিয়েই এই শুভ্ৰ দলিচাৰ দৰে সিঁচৰতি হৈ থকা শেৱালি ফুল বুটলাৰ আমেজেই সুকীয়া। শেৱালি ফুলৰ গোন্ধই সকলোৰে মনৰ কলুষতা আঁতৰাই এক নিকা।

    ✍️লক্ষীৰাম কুৰ্মি
 শাওতলী, গোলাঘাট 
৬০০০৫১২৫৪৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)