অনুভৱ•• পিংকি শৰ্মা

Unknown
0
এটোপাল, দুটোপাল কৈ সৰিব ধৰে
টুপ টুপ নিয়ৰ,
জিলিকি উঠে পুৱাৰ হেঙুলীয়া কিৰণত
তোমাৰ হাঁহিটি ওঁঠত
জিলিকি ৰয় দুবৰি বনত
পৃথিৱী স্পৰ্শ কৰাৰ আগে আগে
এক লহমা থমকি ৰোৱা
সূৰ্যৰ প্ৰথম কিৰণ তুমি......।
তোমাৰ বুকুতে 
মোৰ হৃদয়ৰ পখিলাটিয়ে
নজনাকৈ পিব খোজে
ফুলৰ সুধা.......।
অনুভৱৰ চুম্বনৰ
জোনৰ স্নিগ্ধতাই
ক্ৰমাৎ প্ৰাণ পাই উঠিছে
সপোন, আশাবোৰে অতিক্ৰম কৰে
এক দীঘল যাত্ৰা.......।
মৰমৰ চিৰদিন
জীয়াই ৰখা সন্ধানত........।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)