কি নাম দিম এই জীৱনক••দিপশিখা ৰাজকোঁৱৰ

©Admin
0
আপোনবোৰে যেতিয়া বুজি নাপায়
তেতিয়া নিজকে বৰ অকলশৰীয়া নিচিনা লাগে
অনুভৱ হয় ময়ো যেন হঠাতে গুছি যাম
কোনেও বিচাৰি নোপোৱা
নেদেখা অচিন দেশলৈ ।
কিছুমানে বহুত চিঞৰি চিঞৰি কান্দে
তেনেকৈ ময়ো চোন চকুলো
লুকুৱাবলৈ নিশিকিলো
কোনোবাই সৰুকৈ কিবা এষাৰ ক'লেই চকুপানী ওলাই
কেতিয়াবা ভাবোঁ মই ইমান দুৰ্বল নে?
হয় এয়া মোৰ দুৰ্বলতা
অভিমানী হৃদয়খন কঠিন নহ'ল।
কান্দি কান্দি নিজকে যেতিয়া ৰখাব নোৱাৰোঁ
তেতিয়া....... তেতিয়া
মুখৰ ভিতৰত কাপোৰ ভৰাই থও
যাতে মোৰ দুৰ্বল মাতটো কোনেও নুশুনে
বহুত দুখ লাগে তেতিয়া
হৃদয়খন ভাঙি চুৰমাৰ হৈ যাব খোজে 
ইমান নিঃসংগ অনুভৱ কৰোঁ
বাৰে বাৰে মৃত্যুৰ কথা মনলৈ আহে
কিন্তু মৃত্যুলৈও চোন বৰ ভয় লাগে
নাজানো জীৱনে আৰু কিমান পৰীক্ষা ল'ব
কিমান চকুলো টুকুৱাব......
কি নাম দিম এই জীৱনক।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)