বৃদ্ধা মাতৃৰ এগৰাকী কৰুণ বিননী••নৱজিৎ নাথ

Rinku Rajowar
0
বৃদ্ধা মাতৃৰ আপোন পুত্ৰ -জীয়ৰীৰ
এষাৰ মাথোঁ মিঠা মাত আৰু 
সদায় এটি খবৰৰ অপেক্ষাত।
এটুপি খোৱা পানী আৰু
এসাঁজ খোৱা খাদ্য অভাৱত।।
আজি সেই বৃদ্ধা মাতৃৰ গৰাকীয়ে
 কেৱল এটি বন্ধ কোঠালীৰ মাজত
 দুখ ,কষ্ট , যন্ত্ৰনাৰ সাগৰত আবদ্ধ ।।

শৈক্ষিক নগৰীৰূপে খ্যাত, 
অসমৰ আগশাৰী যোৰহাট জিলাত
আকৌ মানৱ সমাজক আঘাত কৰা,
এটি লজ্জাজনক ঘটনাই এতিয়া,
 চৌদিশে কেৱল ছানি ধৰিছে।।
সামাজিক মাধ্যমত আপুনি
যেনেই চায় , চৌদিশে দেখিব 
 আৰ্তনাদ ,বেদনাৰ  ভিন্ন বাতৰি।।

দুই পুত্ৰ আৰু জীয়ৰীৰ
আপোন পিতৃ -মাতৃ লৈ থকা,
প্ৰকৃত শ্ৰদ্ধা,ভক্তি আৰু আন্তৰিকতাৰ 
এটি ভাৱ সম্পূৰ্ণ কৈ ফুটি উঠিছে।।
 আজিৰ বৰ্তমানৰ শিক্ষিত  সমাজত 
 এক চিন্তনীয় বিষয় হৈ পৰিছে।।

দুখৰ বিষয় এটি মাথোঁ,
মাতৃৰ মৃত্যুৰ এটি খবৰো গম নাপালে,
ঘৰখনৰ আনটো কোঠালীত থকা 
 মানসিক বিকাৰগ্ৰস্ত জীয়ৰীগৰাকীয়ে।।
আকৌ এটি প্ৰশ্ন হয়...?  
ইংৰাজী ভাষাত স্পষ্টকৈ কোৱা জন
তেওঁ মানসিক বিকাৰগ্ৰস্ত হয়নে......??
এই মৃত্যু আকৌ সোঁৱৰাই দিলে ,
বৰ্তমানৰ পৃথিৱীখনৰ আধুনিক
 জীৱনৰ এক কৰুণ গাথাঁবোৰ।।
 
সেই কোঠালীৰ  বিছনাখনত 
নিস্তব্দৰে  ভাবে আজিও পৰি আছে,
বৃদ্ধা মাতৃ "অনুপমা দত্তৰ" 
এটি উৱলি যোৱা এটা মৃতদেহ।।
এতিয়া দুৰ্গন্ধ চৌদিশে চানি ধৰিছে,
হয়তো,জহি -খহি গৈছে 
তেওঁৰ নিশ্বৰ সেই দেহটো।।
যেন আজি সৎকাৰ কৰিবলৈ  
 নাই যেন দেহৰ কোনো অংশ।।

 আজি প্ৰতিজন অসমীয়াৰ মাজত
আজি এক প্ৰশ্নবোধক চিন হয়....??
বৰ্তমানৰ আধুনিক পৃথিৱীখনত 
প্ৰতিগৰাকী মাতৃ পিতৃলৈ.... !!
প্ৰতিগৰাকী সন্তানৰ সেই মৰম ,
আদৰ আৰু শ্ৰদ্ধা আৰু আন্তৰিকতা। 
মানুহৰ মাজত থকা সেই মানৱতাভাৱ 
আজি সম্পূৰ্ণ কৈ হেৰুৱাই গৈছে নেকি.?
ই এক চিন্তনীয় বিষয় হৈ পৰিছে...!



✍️নৱজিৎ নাথ,
ছিপাঝাৰ, (দৰং)....

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)