ব্ৰহ্মপুত্ৰ••জিতেন দাস

Rinku Rajowar
0
এই বিশাল ধাৰা লগত লৈ
কোনফালে কৰিছা গতি?
সৃষ্টি আৰু ধ্বংস নৈপৰীয়াৰ
এইয়াই তোমাৰ কাম নেকি?

গ্ৰীষ্ম ঋতু আগমনত 
উঠা তুমি ওফন্দি,
ফেনে ফুটুকাৰে ভৰাই
দিয়া সুবিশাল জলৰাশি।

শৰৎ ঋতুত দুয়োপাৰ তোমাৰ 
কহুৱা ফুলেৰে অতি মনোৰম,
হেমন্ত ঋতুত বালিময় কৰি
পথিকৰ বাবে কৰা দুৰ্গম।

তুমি দিয়া কষ্টবোৰ ক্ষন্তেকীয়া
পলস আৰু সাৰুৱা কৰা
খেতিৰ উপযুক্ত কৰি মাটি
ৰাইজৰ সকলো পাহৰাই দিয়া।                      

✍️জিতেন দাস, মাজুলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)