নীলা খামৰ চিঠি••শিল্পী দাস

Rinku Rajowar
0
প্ৰতি,

       প্ৰিয়....... 

             তোমালৈ বুলি একলম............
          
        কেনে আছা তুমি ভালে নে? মই জানো তুমি ইমানো ভাল নহয় যিমান ভাল আগতে আছিলা। পিছে তোমাৰ মা-দেউতা কেনে আছে ভালে নে? মই জানো এইবোৰ সোধাৰ অধিকাৰ নাই, তথাপিও হৃদয়ে যে নামানে বৰকৈ আমনি দিয়ে। সেয়ে আজি সন্ধিয়া শীতল মলয়া পৰশে  তোমাৰ বাবে এখনি নীলা খামৰ চিঠি লিখিবলৈ ল'লো বহু আবেগেৰে। মই নাজানো তুমি সাধাৰণ ছোৱালীজনীৰ চিঠিখন গ্ৰহণ কৰিবা নে নাই! তথাপিও এবুকু সাহস আৰু আশা লৈ লিখিবলৈ ধৰিলোঁ.......।

            ঐ শুনা, তুমি চাগে পাহৰি গৈছা ন সেই দিনটোৰ কথা কিন্তু জানা নে প্ৰিয় মোৰ আজিও স্পষ্টকৈ মনত আছে অলপো পাহৰা নাই। সেইদিনা যে তুমি শৰতৰ শান্ত পৰশ পৰা দুপৰীয়াত এজন অচিনাকী পুৰুষ হৈ আহিছিলা। মই অচিনাকি বুলি ভয় খাইছিলোঁ কিন্তু তুমি মিচিকিয়া হাঁহিৰে ওঁঠৰ আগত মৃদু কণ্ঠেৰে কৈছিলা-"বৰ ভাল লাগে তোমাক, সন্ধিয়াৰ জোনতকৈ ধুনীয়া তুমি"।তোমাৰ কথাষাৰ শুনি মোৰ দুচকুৰ আগত অশ্ৰু দেখি তুমি কৈছিলা নাকান্দিবা, মই তৰা হৈ তোমাক সুখৰ সাগৰত সাঁতুৰিব দিম। মাথোঁ তুমি মোৰ হোৱা এবাৰ,বৰ ভালপাওঁ তোমাক। মই তেতিয়া খঙেৰে কোৱা কথাত তুমি যে অভিমান কৰি গ'লা গৈ আজিও নাহিলা। জানা নে প্ৰিয়, সেই প্ৰথম চিনাকিৰেই মইও তোমাৰ প্ৰেমত পৰিছিলোঁ। সেয়ে আজিও অপেক্ষা কৰোঁ তোমাৰ বাবে।

               তুমি পাৰিলে আহিবা, এতিয়া তৰা হৈ মইয়েই তোমাক জোনৰ দৰে উজ্বলিয়াই ৰাখিম। অপেক্ষাৰে আছোঁ,মাথোঁ তোমাৰ বাবে.......।নোকোৱা কথা আজিও ক'ব পৰা নাই বৰ ভালপাওঁ তোমাক প্ৰিয়..........। পাৰিলে অভিমান আঁতৰাই ক্ষমা কৰি আকোঁৱালি ল'বা..........।


                           ইতি
          তোমাৰ অতীতত ভাললগা
                       শিল্পী দাস
               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)