গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাই গোৱা সংগীতত প্ৰেমৰ বৈচিত্ৰময় ৰূপ••নাছিৰ আহমেদ

Rinku Rajowar
0
✍️নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:- ৯১০১৪৬৫৮০৫

অতীজৰে পৰা অবিভক্ত গোৱালপাৰা জিলা তথা কমতাপুৰ ৰাজ্যৰ দেশী জন-গোষ্ঠীয় লোকসকলে তেওঁৰলোকৰ আচাৰ- অনুষ্ঠান, পূজা-পাতল, বিভিন্ন উৎসৱ বৈবাহিক কাৰ্য, খেল-ধেমালি, শিশু ওমলোৱা আদিৰ উপৰিও ব্যক্তি-জীৱনৰ আশা -নিৰাশা প্ৰেম-বিচ্ছেদ আবেগ-অনুভূতি আদিক বিভিন্ন গীত-পদৰ মাজেৰে স্বতঃস্ফূৰ্ত ভাবে প্ৰকাশ কৰা দেখা গৈছে। অতি বৰ্ণাঢ্যময় দেশী সংস্কৃতিক জীপাল কৰি ৰখা এই গীত-পদ সমূহক সাকাৰ ৰূপ দিবলৈ অহোপুৰুষাৰ্থ কৰি সৰ্ব প্ৰথমে গ্ৰামোফোন ৰেকৰ্ড যোগে বাণীবদ্ধ কৰে দেশী জন-গোষ্ঠীৰ পিতৃ-স্বৰূপ উত্তৰবঙ্গৰ সুৰ সম্ৰাট মৰহুম আব্বাচ উদ্দিন আহমেদে ( আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ প্ৰাক-মুহুৰ্তত)
পৰৱৰ্তী এই মন-প্ৰাণ পুলকিত কৰা গীতসমূহক সুৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাই অবিভক্ত গোৱালপাৰা জিলা তথা দেশী অধ্যুষিত অঞ্চলৰ লোক সমাজত বিভিন্ন সঙ্গীত পৰিৱেশন কৰি আব্বাচ উদ্দিন আহমেদৰ অসম্পূৰ্ণ স্বপ্নক বাস্তৱায়িত কৰি বিশ্ব-হৃদয় জিনিবলৈ সক্ষম হৈছিল।

প্ৰতিমা পাণ্ডে বৰুৱাই গৌৰীপুৰৰ জমিদাৰ লালজীৰ আদৰৰ দুলালী হোৱা স্বত্তেও অতি মুক্ত, স্বাধীনচিতীয়া, স্পষ্টবাদী আৰু সৰল ভাবে গোৱালপৰীয়া গ্ৰাম্য আৰু পাহাৰীয়া জনজাতীয় লোকসকলৰ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱেশ কৰি তাৰ পৰা সাৰ-পানী সংগ্ৰহ কৰা লোকগীত সমূহক অতি হৃদয়-স্পৰ্শী ভাবে প্ৰাণোজ্জ্বল কৰি ফুটাই তুলিছিল। গোৱালপৰীয়া লোক-জীৱনৰ 
এনে কোনো দিশ নাই , যি দিশত তেওঁ মাটিত লেপেটা কাঢ়ি সৌম্য-গাম্ভীৰ্যপূৰ্ণ ভাবে মজলিচি ঢঙত দেশী লোকগীতৰ বাদ্য যন্ত্ৰ দোতাৰা ঢোল খোল তাল বাঁহী আদিৰ সহযোগত গীত পৰিৱেশন কৰা নাছিল।
তেওঁ গোৱা সংগীতত দৈহিক বা ইন্দ্ৰিয়-প্ৰেম আৰু আধ্যাত্মিক প্ৰেম হাতত ধৰাধৰি কৰি ' ৰসোঃ বৈ স ' নদীৰ ধাৰা বোঁৱাই দিছিল। তেওঁ পৰিৱেশন কৰা দৈহিক বা ইন্দ্ৰিয়-প্ৰেমৰ গীতত কোনো লুকঢাক নকৰাকৈ প্ৰমিকৰ লগত প্ৰেমিকাৰ তীব্ৰ মিলনেচ্ছা সকলো পৰিধি ভাঙি তীব্ৰ বেগেৰে প্ৰবাহিত হৈ পৰস্পৰে পৰস্পৰৰ প্ৰতি দ্বিধাহীন ভাবে বিনা সংকোচে অগ্ৰসৰ হৈছে।
" একবাৰ আসিয়া
সোণাৰ চান্দ মোৰ যাও দেখিয়াৰে -----
আইলত ফোঁটে আইল কাশিয়া
দোলাত ফোঁটে হোলা
বাপ-মাৱে বেচেয়া খাইছে
সোৱামী পাগেলা ৰে ।"
 নাইবা
"ৰোজায় ঝাৰে গুণিকে ঝাৰে
ঢেঁকীয়াৰ আগাল দিয়া,
অ ৰে মুই নাৰীটা ঝাৰং বন্ধুৱা
কেশেৰ আগাল দিয়া। "
এই গীত দুটিৰ মাজেৰে নাৰীৰ হৃদয়ৰ প্ৰেম -আবেগ স্বতঃস্ফূৰ্ত ভাবে যেন উথলি উঠিছে, প্ৰেমিকক সম্পূৰ্ণৰূপে আলিঙ্গনাৱদ্ধ কৰিবলৈ যেন উদগ্ৰীৱ হৈ পৰিছে।
তলৰ গীতটিত পক্ষী, মইনা চৰাই আদি উপমা প্ৰয়োগ কৰি এজনী নাৰীৰ বন্দী জীৱনৰ চিত্ৰ অতি কৰুণ ভাবে প্ৰকাশ পাইছে প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত --
বালু টিল টিল পঙ্খী কান্দে
বালুতে পৰিয়া
ভৰ যুৱতী শুতিয়া ৰে ---
লোকে যেমন ময়না পোষে
পিঞ্জৰাত ভৰেয়া
ঐ মতোন নাৰীৰ যৈৱন
ৰাখিছোং বান্ধিয়া ৰে --।"
বিৰহ জ্বালাত জৰ্জৰিত এজনী নাৰীয়ে আৰ্ত চিৎকাৰ কৰিছে --
" তোমৰা জানিয়াও জানলেন না
শুনিয়াও শুনলেন না
জ্বলেয়া গেইলেন মনেৰ আগুন
নিভিয়া গেইলেন না। "
বিৰহ জ্বালাত অধীৰা এজনী নাৰীয়ে প্ৰেম-ভালপোৱা অনুভৱ কৰিব নোৱাৰা এজন প্ৰেমিকৰ বিৰহত হৃদয়-মন কান্দোনত ভাঙি পৰিছে ---

" প্ৰেম জানে না ৰসিক কালাচাঁদ
সদায় ঝুৰিয়া থাকে মন
কতো দিনে বন্ধুৰ সনে
হৈবে দৰিশন।"
বা 
চেতন হয়া প্ৰাণবন্ধুক না দেখি
বুক ভিজিল মোৰ নয়নেৰ জলে। "
আকাশৰ চন্দ্ৰৰ লগত তৰাক তুলনা কৰিও নাৰীৰ হৃদয়ৰ অৱৰুদ্ধ যৌৱন-যন্ত্ৰণাক অতি কাতৰ ভাবে ইনাই বিনাই গাইছে সুৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাই।

" আকাশত নাই ৰে চন্দ্ৰ
 তাৰা কেমনে জ্বলে,
যে নাৰীৰ পুৰুষ নাই ৰে --
তাৰ ৰূপে কি কাম কৰে ---।"
প্ৰতিমা পাণ্ডে বৰুৱাৰ সঙ্গীতত অবৈধ প্ৰেম, প্ৰেমিক প্ৰেমিকাৰ গোপন অভিসাৰৰ চিত্ৰও অতি তীব্ৰ ৰূপে প্ৰকাশ কৰিছে। ---
 " নদী দেখিয়া প্ৰাণ কান্দে ৰে
যে নাইয়া কৰিব পাৰ,
তাকে দিম কালা গলাৰ হাৰ ৰে
পাৰ কৰলে যৈৱন কৰিম দান।
আনহাতে স্বামীৰ অ-বৰ্তমানত পৰক বিচনাত আশ্ৰয় দিয়াৰ বাবে ননদে বৌক ভৰ্ৎসনা কৰিছে এনেদৰে যে " দাদা আমাৰ নাইৰে বাৰীত
মশাৰি কেনে ঢোলে,
আইসক দাদা কয়া দিম মুই
পৰাই বসত কৰে ৰে ।"
স্বামী যদি দুৰ্বল, অকৰ্মণ্য, মদপী বা জুৱাৰী হয়, তেতিয়া পত্নীয়ে প্ৰায় নিজৰ দেৱৰেকৰ প্ৰতি আসক্ত হোৱা দেখা যায়। প্ৰতিমা পাণ্ডে বৰুৱাই গোৱা গীতত এই ভাৱটি সুন্দৰকৈ ফুটি উঠিছে।

" অ কি অ মোৰ ভাৱেৰ দেওৰা
তোক দেখং মুই
নিজেৰ মানুশেৰ মতন। "
তেওঁৰ আন এটি গীতটো অবৈধ প্ৰেমৰ ইঙ্গিত পোৱা যায়।

" নানা ঘৰে এক যোৰা পায়ৰা
মোৰে বা আঙ্গিনাত পৰে ৰে ।"
প্ৰতিমা পাণ্ডে বৰুৱাই গোৱালপৰীয়া জন জীৱনৰ লগত জড়িত হাতী, মাউতক উদ্দেশ্য কৰি আশা -নিৰাশা প্ৰেম-বিচ্ছেদ, অনুৰাগ -আসক্তি ভাৱ তেওঁ গোৱা সংগীতত তীব্ৰ ৰূপে ঝংকাৰ সৃষ্টি কৰিছে ---

" ছোট কালে হৈছে বিয়া ৰে
মইশাল বয়স ভাটি গেলো
না হইলং ছাওৱাৰ মাও ৰে
মোৰ মনে ৰইলো দুঃখ ৰে ।"

প্ৰকৃত প্ৰেমিকাই সদায় প্ৰেমিকক হেৰুওৱাৰ আশংকাত ভোগে ; যাৰ বাবে সদায় প্ৰেমিকাই প্ৰেমিকক দূৰলৈ যাবলৈ বাধা দি সদায় কাষত ধৰি ৰাখিব বিচাৰে । 

" আৰ তখন না কইছং  মইশাল ৰে ----
অ মইশাল নাযান গুৱালপাৰা
গুৱালপাৰাৰ চেংৰীগুলা 
জানে ধূলা পৰা মইশাল ৰে। "
যেনেকৈ সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহ-উপগ্ৰহ ঘূৰি আছে, ঠিক তেনেকৈ যেন হাতী ,মাউতক কেন্দ্ৰ কৰি প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন-চকৰি ঘূৰি আছে নাইবা এনেকৈ ক'ব পাৰি যে, হাতীৰ মাউত যেন প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনৰ চালিকা শক্তি বা হাতী-মাউতৰ কাৰণেই যেন তেওঁ এই সুন্দৰ ভূৱনত আৱিৰ্ভাৱ হৈছে ; হাতী মাউত তেওঁৰ জীৱন মৰণৰ সঙ্গী ।
সেয়ে, হাতী মাউতক কেন্দ্ৰ কৰি প্ৰতিমা পাণ্ডে বৰুৱাই গোৱা সঙ্গীতত হৰ্ষ-বিষাদ , প্ৰেম-অনুৰাগ,মান-অভিমান আৰু অশ্ৰুসিক্ত নয়নৰ কৰুণ অন্তিম জীৱনৰ গভীৰ জিজ্ঞাসা- বাদ , লীলাখেলা, নানা কৌতুক, যৌৱন জ্বালাৰ তীব্ৰ বাসনা বিভিন্ন ৰূপ-ৰং-ৰস-বৰ্ণ-বৈচিত্ৰৰে ওপচাই পেলাইছে।

" হাতীৰ পিঠিত চৰিয়া ৰে মাহুত
কিসেৰ বাটুল মাৰো
ঐনা বাটুল ছুটিয়া ৰে মাহুত
লাগিল মোৰ বুকে ৰে --। "
তেতিয়া এক তীব্ৰ বিষাদ-বোধ সকলোৰে হৃদয় জোঁকাৰি যায়। মাহুতক উদ্দেশ্য কৰি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে।

" হাতীত চৰিয়া যান ৰে মাহুত
কোনবা দেশেৰ বনে । "
অথচ , অবলা বালা হিচাপে তাই জ্বলি পুৰি শেষ হৈছে " যৈৱনেৰ জ্বালাত" । হস্তী কন্যাই মাউতক শুধিছে ---

" হস্তী নৰান হস্তী চড়ান
হস্তীৰ গলাত দৰি 
সত্য কৰি কোন ৰে মাহুত
কোন বা দেশে বাৰী ? "
তেতিয়া মাহুতে আবেগ ভৰা কণ্ঠে হস্তী কন্যাক শুধিছে --

" হস্তী কন্যা হস্তী কন্যা বামোনেৰ নাৰী,।
মাথাত নিয়া তাম কলশী অ 
সখী ঘৰে কয়জন নাৰী সখী হে
অ মোৰ হায় হস্তী কন্যা ৰে।"
হস্তী কন্যা আৰু হাতী মাউতৰ মাজত ভাৱ বিনিময় যেন প্ৰেম-গংগাৰ মহানদী দ্ৰুত গতিত ধাৱমান হৈছে হৃদয়ে হৃদয়ক চুমি।

সুৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ সঙ্গীতত আধ্যাত্মিক প্ৰেমো জোনাকী পৰুৱাৰ দৰে তিৰবিৰাই ফুটি উঠিছে  ; য'ত জ্যোতি আছে কিন্তু দহন নাই, য'ত বিৰহ-বেদনা আছে কিন্তু বিৰহ-বিচ্ছেদৰ পোৰণি নাই ; মিলনৰ আকাঙ্খা আছে কিন্তু ইন্দ্ৰিয়-প্ৰেমৰ আসক্তি নাই।

" শ্যাম কালা ৰে শ্যাম কালা
ছাড়িয়া দে মোৰ শাৰীৰ আঞ্চল
যায় বেলা ।"
প্ৰিয় কালাৰ প্ৰতি আসক্তি মৃদু মধুৰ ভাবে ফুটি উঠিছে এই গীতটিত 

যখন আমি জলে আসি
তখন কালা বাজায় বাঁশী
আৰ ঐ বাশীৰ সুৰে খচিয়া পৰে
কাঙ্কেৰ কলশী
আঞ্চলেৰ শাৰী। "
বাঁহীৰ সুৰত কাঙ্কেৰ কলশী, আঞ্চলেৰ শাৰী খহি পৰা কৃষ্ণৰ প্ৰতি ৰাধাৰ আধ্যাত্মিক প্ৰেমৰ এক উৎকৃষ্ট উদাহৰণ।
সেয়ে, প্ৰেমিকা ৰাধা হিচাপে প্ৰতিমা পাণ্ডে বৰুৱাই কইনাই বাৰে বাৰে বাঁহী নবজাবলৈ অনুৰোধ কৰিছে । 

" কানাই আৰ না বাজান বাঁশৰী,
তোৰ বাঁশীৰ সুৰে মন বান্ধিতে না পাৰি । "
কৃষ্ণৰ প্ৰেমত উদ্বাউল হৈ কৃষ্ণৰ ৰঙা চৰণৰ ধ্বনি আৰু মধুৰ বাঁহীৰ সুৰ শুনাৰ বাবে উদাস হৈ পথৰ পিনে চাতক পখীৰ দৰে চাই থকা বিৰহিনী ৰাধাক উদ্দেশ্য কৰি তেওঁৰ সখীয়ে গাইছে ---

" কেনেহে ৰাধে বিৰস মন
তোৰ কানাইয়া বাজায় বাঁশৰী

এনেদৰে ৰসময় দৈহিক বা ইন্দ্ৰিয়-প্ৰেম আৰু আধ্যাত্মিক প্ৰেমৰ গতিময়তাক বাক দান কৰি প্ৰতিমা পাণ্ডে বৰুৱাৰ সঙ্গীতত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ বাণী ---

" প্ৰেমত ঘূৰিছে ভূমণ্ডল
প্ৰেমত ফুলিছে শতদল। " যেন সাৰ্থক ভাবে ৰূপায়ন কৰিছে।
আমি বিচাৰোঁ বা নিবিচাৰোঁ, মানৱ-জীৱন আৰু যৌৱনক অফুৰন্ত শক্তি দান কৰে একমাত্ৰ গভীৰ প্ৰেমানুভূতিয়েহে। সেয়া দৈহিক প্ৰেমেই হওক বা আধ্যাত্মিক প্ৰেমেই হওক, সেই মহান প্ৰেমক  বৈচিত্ৰময় ৰূপে তুলি ধৰি প্ৰতিমা পাণ্ডে বৰুৱাই যেন জীৱনৰ জয় গান গাইছে। সেয়ে তেওঁ মৰিও অমৰ ।
দেশী বা গোৱালপৰীয়া সংস্কৃতিৰ সম্পূৰ্ণ দিশ যদি কালৰ কুটিল চক্ৰত , ৰাজনীতিৰ ধামখুমীয়াত নদীৰ স্ৰোতৰ দৰে ভাঁহি যায় ,  কেৱলমাত্ৰ যদি গোৱালপৰীয়া বা দেশী লোকগীতৰ সুৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ এই দৰদ-ভৰা কণ্ঠেৰে নিগৰিত হোৱা গীতসমূহ বাজি থাকে, তথাপি গোৱালপৰীয়া দেশী জন-গোষ্ঠীৰ বৰ্ণাঢ্যময় সংস্কৃতি আকৌ ফিনিক্স চৰাইৰ দৰে প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতৰ ভগ্নাৱশেষেৰে পূৰ্ণ জীৱন লাভ কৰিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)