মোৰ সেউজ সপোন ••নিবেদিতা দাস কলিতা

©Admin
0
মোৰ সেউজ সপোনে আজি সাৰ পাইছে 
দুবৰিৰ দলিচা পাৰি আলিংগন কৰিছে নিয়ৰৰ স'তে ।
মই সুধিছো কিয়নো আহিলা 
অজানিতে?
এবাৰো নক'লা আহিবা বুলি 
অভিমান নকৰিবা চোন ,
সপোনে ক'লে 
তোমাৰ অভিমানত মই আৱেগিক হৈ পৰোঁ 
তোমাৰ দুচকুত হেঁপাহৰ আলিংগনে 
মোৰ দেহত আবিৰ সানে ।
মই মৰহি যাওঁ লাজতে 
কলিজা কঁপি উঠে 
এক অজান শিহৰণ তুলি 
মই আঁতৰি যাওঁ ।

✍️নিবেদিতা দাস কলিতা 
নলবাৰী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)