আহিনৰ পথাৰখন••ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
লিহিৰি-লিহিৰি কঁপে গাভৰু পথাৰ
দূৰ  সেউজৰ সপোন প্ৰসাৰ  ,
ৰোৱনীৰ হাতেৰে সজাই  আশাৰ 
এগোচি  নহয় শত ,শত গোচি ৷
বৰষাৰ কত টোপালে ঠন ধৰা 
শক্তিৰ আবৰণ সানে ৷ 
সুন্দৰৰ ধৰণী  তাই ,ধৰণী লখিমী ৷
নীলিম আকাশৰ  তলত  শান্তিৰ  শৌৰ্য্য ৷
প্ৰশান্তিৰ পথাৰত  সেউজ আভা তুমি , দিবাকৰৰ লগৰী ৷
দেহৰ শিৰত ওলমে  সহস্ৰ শইচ ,
আঘোণ  নামিব সোণালী বৰণ ধৰিব ৷ আহিনৰ পথাৰ খন 
তেনেই নিতাল  মাৰিব ৷

                   📌ৰজনী কুমাৰ ডেকা 
                          ৰঙিয়া  ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)