জোনাক••ৰেখা দেৱী

Rinku Rajowar
0
দিৱসৰ সমাপ্তিৰ লগত  
সন্ধিয়াৰ মলয়া বতাহ বলে ,
ৰা‌ত্ৰিৰ অন্ধকাৰেও লাহে লাহে
কাষ চাপি আহে।
জুমি জুমি চাওঁ জোনাক 
তোমাৰ আগমণত।
চকু দুটিও ওপচি পৰে 
সৌন্দৰ্য্যৰ শীতল আৱৰণত। 
শুনিছিলোঁ তোমাৰ কাহিনী 
আইতাৰ কোলাত শুই,
চাইছিলো একেথিৰে তোমালৈ
প‌্ৰতিটো কাহিনীৰ মাজতে।
ভাবিছিলোঁ , জোনাক নিশা 
ইয়াতেই যেন থমকি ৰয় 
শীতল উজ্জ্বলতাত বিলীন হৈ থাকিম ।

✍️ৰেখা দেৱী
ঠিকনা - হোজাই গাঁও, শোণিতপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)