বৰষুণ••জেৰিফা ওৱাহিদা

Rinku Rajowar
0
খিৰিকীখন খুলি দেখিলোঁ যে‌ ,
আজিচোন মেঘে গৰজিছে ।
কিজানিবা বৰষুণজাক নিগৰিব ধৰাপৃষ্টত আজি ,
তাকে দেখি মন মোৰ উচুপিব ধৰিছে ।
এয়া যেন কি হ'ব  ধৰিছে ,
ৰ'বাচোন ৰ'বা বৰষুণৰ টোপালৰ সমভাগী হওঁ মইয়ো আজি ।
বহু অপেক্ষাকৃত হৈ আছিলো বৰষুণজাকলৈ , 
টোপালবোৰৰ সৈতে একাকাৰ হবলৈ ।
আৰু  মনৰ সমস্ত  বিষাদৰ লগতে দুচকুৰে নিগৰা অশ্ৰু ,
বৰষুণৰ টোপালৰ সৈতে  মিলাই দিবলৈ ।
মৌনতাৰে সকলো ভাৱ প্ৰকাশ কৰিবলৈ, 
যাতে এই বিষাদৰ কথা লোক অজ্ঞাত হয় ।

                                     ‌‌‌‌
✍️জেৰিফা ওৱাহিদা  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)