৩০-অক্টোবৰ এটি কালিকা লগা দিন ••নিপু কুমাৰ দাস

Rinku Rajowar
0
     ৩০-অক্টোবৰ তাৰিখ যেন 
     অসমৰ ইতিহাসত 
     এটি ক'লা দিন হৈ ৰ'ল
     আজিৰ এই দিনটো
     কেনেকৈ পাহৰো আমি 
     পাহৰিব পাৰি নে?
     পাৰি নে পাহৰিব 
     ক'ত আশাৰ সপোন ভঙা
     এই দিনটোৰ গাঁথা-------!  

     কত জন হ'ল পিতৃহাৰা
     কত জন মাতৃহাৰা
     কত জন আকৌ স্বামীহাৰা
     জীৱনৰ সপোন কঢ়িয়াই 
     এই মায়াৰ সংসাৰত
     জীৱনে পোনা মেলোতেই
     জুইৰ বাখৰেই কাঢ়িলে প্ৰাণ
     কত জনৰ পিতৃ-মাতৃৰ  
     কতনা শিশু হ'ল ঘাট মাউৰা।  

     জীয়া বাস্তৱৰ জীৱন ছবি 
     নিমিষতে হ'ল বিধস্ত
     পীড়া আৰু যন্ত্ৰণা ক'লা ধোঁৱা 
     হেজাৰ জনৰ আৰ্তনাদ 
     প্ৰাণ কাতৰ চিঞৰ আপোন জনৰ  
     নিঃসহায় যেন আই অসমী
     আকৌ আহিল উভতি 
     ত্ৰিশ অক্টোবৰ এটি ক'লা দিন হৈ
     অসমী আইৰ বুকুত 

     আহা আমি সকলোৱে 
     পণ লওঁ এটি বাৰ 
     আৰু দুনাই নাহক এনে দিন
     অসমৰ আকাশত উৰুৱাই
     শান্তিৰ কপৌ জনী
     হৃদয়ে হৃদয়ে বিলাওঁ শান্তিৰ বা  
     দুষ্কৃতিক দমন কৰিবলৈ
     ধৰো আঁহা আমি হাতেই হাত 
     সন্ত্ৰাস নীতিৰ বিৰুদ্ধেই জাগ্ৰত হৈ  

     আজি ত্ৰিশ অক্টোবৰ এটি 
     কালিকা লগা দিন
     ইতিহাসে আজিও সোঁৱৰাই
     নালাগে আহিব এনে এটি দিন
     কত জনাৰ আশাৰ সপোন 
     নিমিষতে ভাঙি চুৰমাৰ হ'বলৈ
     আঁহা আমি ভেদাভেদ পাহৰি 
     জ্বলাওঁ সকলোৱে মিলি  
     পদূলিত এগচি শান্তিৰ চাকি-------।। 

                       
     কবিৰ ঠিকনাঃ
     নিপু কুমাৰ দাস
    কাজিপাৰা,নলবাৰী 
     ৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)