অথিৰ ধৰাতল••মাৰ্জিনা বেগম

Rinku Rajowar
0
অথিৰ আজি ধৰাতল 
ধোঁৱাময় ধূসৰিত প্ৰতিপল ,
আকাশত বতাহত ভাঁহে 
তেজ আৰু হিলৈ ফুটা গোন্ধ ।

তফাৎ কৰি কৰি বোৱাইছে
নৰ শোণিতৰ তটিনী,
মানুহে মানুহক নিঃশেষ কৰি 
হেঁপাহ পলুৱাই খেলিছে হোলী ।

কোনোবাই কান্দিছে হিয়া ঢাকুৰি 
কোনোবাই হাঁহিছে গগণ ফালি,
মৃত্যু দূত আজিও আহে নে নামি !
মানুহে মানুহৰ বাবে হ'ল যমৰূপী ।

মৰণাস্ত্ৰৰ চলিছে মুকলি  বেহা
পাতিছে মৰণৰ প্ৰতিযোগিতা,
ক্ষমতা আৰু প্ৰতিপত্তিৰ লোভত 
স্বাৰ্থপৰ মানৱ আজি হেৰাল মানৱতা।

বৈষম্য সৃষ্টিৰ এক অজুহাত যি
সাম্প্ৰদায়িকতাক দোহাৰি  লাভিছে তৃপ্তি,
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি 
বিবেকমুখী কোনো নাই! শোকাৰ্ত্ত ধৰিত্ৰী।।


✍️মাৰ্জিনা বেগম
বৰপেটা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)