মোৰ বুকুত আজি নামিছে জোনাক••নাছিৰ আহমেদ

Rinku Rajowar
0
📌নাছিৰ আহমেদ ,গোৱালপাৰা

মোৰ বুকুত আজি নামিছে জোনাক।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!

আস! মই এবাৰ অৱগাহন কৰিব বিচাৰো
মাথোঁ এবাৰ মোৰ জীৱনটো জুবুৰিয়াই দিয়া
তোমাৰ প্ৰেমময় শীতল ৰসৰ দীঘল নদীৰ ছা‍ঁত !
মই যে চিৰবন্দী তোমাৰ মধুৰ সুৰৰ মায়াত।

মোৰ বুকুত আজি নামিছে জোনাক।
হৃদয়ত প্ৰৱাহিত হৈছে  ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!

 তুমি  আহাচোন নামি আহা স্বৰ্গৰ জখলায়েদি 
ময়ো উজাই যাওঁ তোমাক বিচাৰি সখী !

হে নাৰী! মই কোনো কালে নাছিলোঁ কামাসক্ত প্ৰেমিক ।

প্ৰত্যেকজনী নাৰীৰ মাজত মই বিচাৰি পাওঁ মাথোঁ
মধুৰ সৃষ্টিৰ আদিমতম সম্ভাৱনা !
আহ্লাদিনী ৰূপী ৰাধা, শান্ত- সমাহিত মা ফাতেমা!
তোমাৰ সোণৰ কাঠিৰ মধুৰ পৰশত
সেউজ বননিত নামে চিৰ- বসন্ত ;
চৰাইৰ কলকাকলি, ভোমোৰাৰ গুঞ্জন ;
ময়ূৰে পেখম ধৰি নৃত্য কৰে,
বন্যজীৱো ধীৰে-স্থীৰে ঘূৰি ঘূৰি চায়,
নদীৰ নয়ন-যুৰিত বিমল আনন্দ উথলি উঠে,
আকাশৰ তৰাও মিচিকিয়াই হাঁহে !
আঘোণৰ ধাননি-পথাৰত মৃদু বতাহ ঢৌ খেলি যায়।

হে নাৰী! তুমি লক্ষ্মী পূজাৰ পূৰ্ণিমাৰ জোন ;
                     মা মেৰীৰ আঁচলৰ ধন,
            
                   হাছান-হুছেনৰ প্ৰাণৰ প্ৰাণ!
            
সেয়ে , আজি মোৰ বুকুতো নামিছে জোনাক ।
হৃদয়ত প্ৰৱাহিত হৈছে ;
সাতোটা ৰঙৰ ৰঙেৰে ৰাঙলী আভা!
হে  অনন্ত প্ৰেমৰ নিলীম সাগৰৰ অতল ধাৰা !
মোক তোমাৰ বুকুতেই লীন যাবলৈ দিয়া,
           তোমাৰ বুকুতেই লীন যাবলৈ দিয়া  ;
 মই হ'ব বিচাৰোঁ বিশ্ব -বন্দিত অমৰ প্ৰেমিক !!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)