জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত কাতি বিহুৰ পৰম্পৰা আমি পালন কৰি আহিছোঁ।আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।জেঠ, আহাৰ,শাওন মাহ খেতিৰ বতৰত মুৰৰ ঘাম মাটিত পেলাই হাড় ভঙা পৰিশ্রমেৰে খেতিয়কে পথাৰ খনত ভূঁই ৰুই অন্ত কৰে।অন্তৰত অদম্য হেঁপাহ, এদিন সোনগুটিৰে ভঁড়াল ভৰিব।অন্ত পৰিব অভাৱ - অনাতন ।সেই সপোন বুকুত বান্ধি খেতিয়কে শৰতৰ বতৰত আনন্দ উপভোগ কৰে ।এই সময়ত ফুল ফুলে, ধান গুটি লাগিবৰ হয় ।সেই সময়ত খেতি পথাৰত কীট- পতংগৰ উৎপাত বেছি হয় ।পোক পৰুৱা চৰাই সমূহে নকৈ ফুলাম হৈ পৰা ধাননি ডৰাৰ মাজত অপকাৰ সাধিব নোৱাৰে তাৰ বাবে খেতিয়ক সকলে সজাগ হয় ।শস্যৰ নিৰাপত্তাৰ বাবে বিধি বিধান পালন কৰে ।অসমৰ প্ৰায় আশী শতাংশই খেতিয়ক, খেতিয়কৰ কৃষিয়ে মূল আধাৰ ।আহাৰ আৰু শাওন মাহৰ প্ৰখৰ গৰমকো নেওচি খেতিয়ক সকলে হাড় ভঙা শ্রমেৰে মনত অলেখ সপোন ৰচি পথাতৰ ভুই ৰুৱে ।লাহে লাহে সপোনে পোখা মেলিবলৈ আৰম্ভ কৰে ।এই আহিন মাহতে খেতিয়কৰ পথাৰত সোণ গুটিয়ে ভৰি পৰে ।সেই সময়ত শস্যৰ অনিষ্ট কাৰী পোক- পতংগ, এন্দুৰ, কিছুমানে যাতে খেতিৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে খেতিয়কসকলে এইখিনি সময়ৰ পৰাই সজাগ হয় আৰু জুইৰ ব্যৱহাৰ কৰিছিল ।কিন্তু কালক্রমত সময়ৰ পৰিবৰ্তনৰ ফলত জুইৰ সলনি কাতি বিহুৰ দিনা জ্বলোৱা মাটিৰ চাকিয়ে স্থান ল'লে ।
সেইদিনা ঘৰৰ চৌদিশ চাফ চিকুনকৈ ৰাখে ।কিয়নো ঘৰৰ চৌহদ পৰিস্কাৰ নহ'লে লখিমী প্ৰৱেশ নকৰে বুলি লোক বিশ্বাস আছে ।
সেই উদ্দেশ্য আগত ৰাখি সেই দিনা চোঁতাল আৰু ভঁৰালৰ কাষত সুন্দৰকৈ ৰঙা মাটিৰে ঢিপ বনাই তুলশীৰ পুলি এটাৰে ঢিপ বনাই ।সন্ধিয়া তুলশীৰ তলত ঔ টেঙাৰ চাকি জ্বলাই ।(অৱশ্যে সকলোৱে চাগে নজলায় ) ।কিছুমান অঞ্চলত আকৌ তুলশীৰ ঢিপৰ চাৰিও ফালে কলপুলি ৰোৱা নিয়ম আছে ।সন্ধিয়া গৃহিণীয়ে প্ৰসাদ আগবঢ়াই ।পদুলি মুখত, শুৱনি কোঠাত, গোহালীত মাটিৰ চাকি জ্বলাই পোহৰ কৰি ৰাখে ।
ঘৰৰ গৃহিণীয়ে হাতত কাঁচি খন লৈ পথাৰলৈ যায় ।পথাৰ খন এবাৰ চাই আহে ,কিয়নো পথাৰ খন চাই নাহিলে ঘৰৰ মানুহ নাই বুলি ভাবি লখিমী গৃহত প্ৰৱেশ নকৰে ।
গৃহিণীয়ে হাতত কাঁচি খন লৈ ধাননি ডৰালৈ চাই আগলতি কলপাতত যুৰিয়া তামোল- পাণ ধাননিলৈ আগবঢ়াই লখিমীক গৃহলৈ আমন্ত্ৰণ জনাই ।কিমান যে ভাল লাগে সঁচাকৈ ।
কোনো কোনো ঠাইত আকাশ বন্তিও জ্বলাই ।আকাশ বন্তিৰ পোহৰত আমাৰ উপৰিপুৰুষ সকলৰ আত্মা সৰগলৈ যাত্ৰা কৰে বুলি বিশ্বাস আছে ।কঙালী বিহুত উলহ- মালহ আৰু ভোগ- প্ৰাচুৰ্য বেছিকৈ নাথাকে ।কিন্তু কঙালী বুলিলে এই বিহুতি তাৎপৰ্যহীন নহয় ।ধৰ্মীয় আচাৰ- অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয় ।এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয় ।
✍️নিবেদিতা দাস কলিতা
নলবাৰী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ