বৰষুণে মোৰ দুখৰ চকুলো ধুৱাই দিয়ে••প্ৰাণজিৎ দাস

Rinku Rajowar
0
এই নিৰ্জন নিস্তব্ধ নিশা,
জিলি আৰু উইচিৰিঙাৰ মাতে
মোৰ নিসংগ জীৱন
অধিক জয়াল কৰি তোলে।
আজিকালি অকলশৰীয়াকৈ
 থাকিব শিকিছো,
মোৰ শব্দৰ নিজৰাত
মৌনতাৰ প্ৰলেপ সানিছো। 
এনেকৈয়ে ভাল লাগে দেখোন মোৰ এতিয়া।
বৰষুণ যেনেকৈ মোৰ বহুত প্ৰিয়,
তেনেকৈ নিৰ্জনতাও মোৰ বহুত প্ৰিয়।
কিয় জানানে?
বৰষুণে মোৰ দুখৰ চকুলো ধুৱাই দিয়ে,
আৰু নিৰ্জনতাই সেই দুচকু ঢাকি ৰাখে ।

              ✍️প্ৰাণজিৎ দাস।
              গাওঁ= অঞ্চলী
             জিলা= বাক্সা বি, টি, আৰ (অসম)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)