জোনাকী পৰুৱা••লক্ষীৰাম কুৰ্মি

Rinku Rajowar
0
জোনাকী পৰুৱাবোৰ কʼলৈ গ'ল।
কেতিয়াবা ভাবি চাইছেনে! নিশা একালত আমি খেদি ফুৰা জোনাকী পৰুৱাবোৰ নোহোৱাৰ কথা। ভাবি চাইছেনে জোনাকী পৰুৱাৰ ধ্বংসৰ মূল কাৰণ আপুনি মই আমি সকলোৱে। সমস্যাটো হৈছে বিশ্বৰ এতিয়াৰ ক্ৰমৰ্বদ্ধিত প্ৰদূষণৰ নাম কৃত্ৰিম পোহৰ। বছৰি বিশ্ববিয়াপি ২ ৰ পৰা ৬  শতাংশকৈ বাঢ়িছে কৃত্ৰিম পোহৰৰ ধল। ফলত প্ৰত্যেক বছৰে পৃথিৱীৰ ব্যাপী কেইবা হাজাৰ চৰাইৰ মৃত্যু নতুবা ক্ষতিগ্ৰস্থ হৈছে। 
আমি সকলোৱে জানোঁ যে বহু চৰায়ে দেশ মহাদেশৰ পৰিভ্ৰমণ কৰে। বহু চৰায়ে দিশ নিৰ্ণয় কৰে  চন্দ্ৰ সূৰ্যৰ গতি বিধি আধাৰত। কিন্তু বহু চৰায়ে কৃত্ৰিম পোহৰত  বাৰে বাৰে বাধাগ্ৰস্থ হয়। জোনাকী পৰুৱাবোৰে অনুসৰণ কৰে প্ৰকৃতিৰ পোহৰ চক্ৰ। মানৱ সৃষ্ট কৃত্ৰিম পোহৰে জোনাকী পৰুৱাবোৰক বিভ্ৰান্তৰ কৰে। ইজনে সিজনৰ ওচৰত আমন্ত্ৰণ কৰাত বাধা হয়। ফলত বংশ বিস্তাৰত বাধা পৰে। জোনাকী পৰুৱা সাধাৰণতে নিজৰ দেহত পোহৰ উত্‍পন্ন কৰিব পৰা ৰাতি জিলিকা পাখিলগা এবিধ মৰম লগা সৰু পতংগ। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে, বিশেষকৈ, উষ্ণ জলবায়ু অঞ্চলত জোনাকী পৰুৱা পোৱা যায়। ইয়াৰ আকাৰ দুই চেণ্টিমিটাৰতকৈও কম। বিভিন্ন প্ৰজাতিৰ জোনাকী পৰুৱাৰ পোহৰ ভিন ভিন ধৰণৰ হয়। জোনাকীৰ পোহৰ দিয়া 'যন্ত্ৰ'ৰ কোষবোৰ ৰাসায়নিক বিক্ৰিয়াত যি পোহৰৰ সৃষ্টি হয় তাত কোনোধৰণৰ উত্তাপ সৃষ্টি নহয় । সেয়ে এনেধৰণৰ পোহৰক শীতল-পোহৰ বুলি কোৱা হয়। জোনাকীৰ শৰীৰত সংকেত প্ৰেৰণ কৰাৰ আন কোনো ব্যৱস্থা নাই । সেয়ে ৰাতি পোহৰৰ সহায়ত জোনাকীয়ে সংগীৰ সন্ধানত উৰি ফুৰে। জোনাকীৰ পোহৰৰ সংকেত দেখি সংগী জোনাকীয়ে সহজেই  বিচাৰি পায়। বৰ্তমান সময়ত জোনাকী পৰুৱা খুব কম অন্ধলভেদে আৰু কম সংখ্যক দেখা পোৱা যায়। 


       ✍️লক্ষীৰাম কুৰ্মি
শাওঁতলী, গোলাঘাট 
  ৬০০০৫১২৫৪৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)