মাতাল প্ৰেমিক চৰাই মই।
নিৰ্জন প্ৰকৃতিৰ সেউজী বুকুত,
সুগন্ধি মুকুতাৰ পান্তি বিচাৰো মই।
বিবিধ পংখীৰ মধুমিতা মাত,
শুনিবলৈ ঢাপলি মেলো মই।
পাই হেৰোৱাৰ দুখ যন্ত্ৰণা দলিয়াই,
সুখৰ সন্ধানত থাকো মই।
সৃষ্টিশীলতাৰ সৌন্দৰ্য্যক যেনেকৈ ভাল পাওঁ,
ঠিক তেনেকৈ ৰামধেনুৰ
প্ৰতিটো ৰঙেই ভাল পাওঁ মই।
তেওঁও মোৰ দৰেই আছিল প্ৰিয়,
বিশেষকৈ নীলা ৰঙৰ প্ৰতি আছিল
অগাধ প্ৰেম-ভালপোৱা।
তেওঁৰ দৰে নীলা ৰঙটো মোৰো আছিল,
এৰাব নোৱাৰাকৈয়ে প্ৰিয়।
কিন্তু ,
এতিয়া অনুতপ্তৰ সূচনাত পৰি,
নীলা ৰঙটো মন গহনৰ পৰা আঁতৰাই
ক'লা ৰঙটোহে ভালপোৱা হ’লো মই।
কাৰণ মোৰ জীৱন টোও হৈ পৰিছে,
এতিয়া এটা কলাত্মক কলা ।।
✍️প্ৰাণজিৎ দাস, বাক্সা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ