পিতাই কথা••বৰষা ঠাকুৰ

Rinku Rajowar
0
পিতাই বোলে 
মোক লৈ সপোন দেখিছে 
সপোন , তাৰ ওপৰত সপোন সাৰ্থক কৰাৰ সপোন।
পিতাইয়ে আখৰ চিনিব নোৱাৰে ,
মানুহ কিন্তু ভালদৰে চিনে।
পিতাইয়ে অন্তৰ পঢ়িব পাৰে।
আখৰ নজনা মানুহ যদিও পঢ়াৰ মূল্য বুজে ।
নিৰক্ষৰ শাৰীত থিয় হৈ তেওঁ সকলো বুজে।
মোক লৈ পিতাইয়ে ডাঙৰ সপোন দেখে,
শিক্ষিত সমাজত অশিক্ষিতৰ মূল্যই নাই 
সেয়া পিতাইয়ে বুজে 
মই বুজা হোৱাৰ আগৰে পৰা।
এতিয়া পিতাইক কিদৰে বুজাও ?
শিক্ষিত সমাজখন অশিক্ষিতকৈ অনুৰ্দ্ধত।
অশিক্ষিত গাঁৱলীয়া সমাজখনত মানৱতা আছিল , 
শিক্ষিত সমাজত সেইয়া ব্যস্ততা।
অশিক্ষিত সমাজখনত সৰলতা আছিল , 
আছিল আন্তৰিকতা।
শিক্ষিত সমাজৰ বাবে সেইয়া পুৰণি কথা।
অশিক্ষিত পিতাইক মই নিৰক্ষৰৰ শাৰীত নধৰো।
আখৰ নজনা পিতাইয়ে সকলো জানে ।  
শিক্ষিত সমাজ গঢ়াৰ সপোন দেখা পিতাইয়ে বুজে সকলো ।
মই বুজা হোৱা আগৰে পৰা ।


✍️বৰষা ঠাকুৰ 
ঘৰ : বৰবৰুৱা, ডিব্ৰুগড় 
ফন নং :  6901395844

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)