নিপুণ ভাস্কৰ্যৰ দৰে
তোমাক খোদিত কৰিছিলোঁ
মোৰ হৃদয়ৰ মাজত,
কত জোনাক ৰাতি তোমাক লৈ
ৰচিছিলো বহু সপোন আৰু
সৃষ্টি কৰিছিলোঁ সুৰৰ তৰংগিনি
সেই দিনাৰ পৰা.........
যিদিনা তোমাক প্ৰথম দেখিছিলো....... ।
২) অবুজ এখন হৃদয়ৰ
মাথোঁ ভালপোৱা......
নাজানো প্ৰেমৰ সংজ্ঞা তথাপিও.......
সাগৰৰ বুকুত
বিচাৰি ফুৰোঁ মাথোঁ
তোমাৰ ঠিকনা।
৩) সেই যে মোক এৰি
আঁতৰি গ'লা সেই ক্ষেত্ৰত
মই একেবাৰেই অপ্ৰস্তুত আছিলোঁ।
তথাপিও অপ্ৰস্তুতভাৱে হৈ যোৱা
কিছুমান কথা বহুত ভাল লাগে
কাৰণ অপ্ৰস্তুততাৰ মিঠা মিঠা
বিষ সকলোৰে বিচাৰে........।
৪) সুখৰ হাঁহিবোৰ আহে
জোনাকৰ দৰে আৰু
দুখবোৰ আহে
ধুমুহা দৰে......
উটুৱাই নিয়ে
সুখৰ হাঁহিবোৰ নিমিষতে ........।
৫) তুমি কাষত নাই
তথাপিও
প্ৰতিটো মূহুৰ্ত তোমাৰ কথাকে ভাবোঁ
তুমি মোৰ নোহোৱা বুলি জানিও তথাপিও
মই তোমাৰ হৈ আছোঁ।
সপোন যে দিঠক নহয়
সেয়াও জানো তথাপিও
সদায় তোমাৰ কথাকে ভাবোঁ,
তোমাক লৈয়ে মোৰ জীৱনৰ সপোন দেখোঁ
কাৰণ মই তোমাক ভালপাওঁ.........।
✍️ পিংকি শৰ্মা ।
টিয়ক; বনাই।
স্নাতক প্ৰথম ষাণ্মাসিক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ