গলিত মৃতদেহ••জিলমিল বৰঠাকুৰ

Rinku Rajowar
0
মানুহৰূপী দানৱৰ পশুত্বৰ আচৰণত
আজি মা শব্দটোৰ মূল্য
হেৰাই গ'ল ।
বন্ধ কোঠালিত
পৰি ৰ'ল নিঃশব্দে নিৰৱে
পিয়াহত পানী আৰু খাদ্যৰ নাটনিত অহংকাৰী
পুত্ৰ - কন্যাৰ অনাদাৰ- অপমানৰ দাবানলত জ্বলি পুৰি শেষ হৈ যোৱা গলিত
মৃতদেহৰ অন্তিম শয্যা ।
এক বিভৎস নৰকংকাল
ইতিহাসৰ পৃষ্ঠাত নাম লিখি যোৱা মাতৃৰ পৰিচয়
এটা বন্ধ কোঠাত কেৰ্লিফেনিয়া আৰু গেংটকত শিক্ষাৰ কোনো
মূল্য নথকা নামবিহীন ঠিকনাৰ কলংকিত দলিল
আঁৰি দিয়া মানৱতাৰ অৱক্ষয় আৰু কৃত্ৰিমতাৰ
প্ৰলেপ সানি জীৱনক অভিজাত্য বংশৰ প্ৰদীপ
নুমাই দিয়া সেই পাষান হৃদয়ৰ পশুৰ নাম ।
পালিত কুকুৰেও পায় তাৰ
দৈনন্দিন খাদ্যসম্ভাৰ,
সেই কুকুৰৰ মৰমত ডুব যোৱা আজিৰ সন্তানে নোৱাৰে কেৱল বৃদ্ধ পিতৃ- মাতৃৰ ঠিকনা মনত ৰাখিব
নিদ্ৰাবিহীন ৰাতি পাৰ কৰা
সন্তানৰ লালন - পালন, নিজে নাখায় খুৱাই ,
পঢ়াই- শুনাই মানুহ নহয় দালাল বনায় ।
তেনে দালালেই বলি লয়
পিতৃ - মাতৃৰ ।
হে সমাজৰ অভিজাত্যৰ
গৌৰৱৰে গৌৰাম্বিত হোৱা
আজিৰ পিতৃ -মাতৃ
ডাঙৰ মানুহ কৰাৰ চেষ্টাত
নিজক নিঃশেষ নকৰিবা,
পুত্ৰ - কন্যাক সংস্কাৰ আৰু মানুহ সজাবলৈ
অংগীকাৰ কৰা ,
নহ'লে এনে পশুৰ হাতত
জীৱনৰ শেষ সময়,
বিলীন হ'ব বন্ধ কোঠাত
নতুবা পদপথত
নতুবা বৃদ্ধাশ্ৰমত।


✍️জিলমিল বৰঠাকুৰ 
    লংকা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)