ম'বাইল ফোনৰ সপক্ষে••গীতাৰ্থ মজিন্দাৰ

Rinku Rajowar
0
আজিৰ দিনত প্ৰতিজন ব্যক্তিয়ে ম'বাইল ফোন ব্যৱহাৰ কৰে। পুৰুষৰ পকেটত, মহিলাৰ নিজৰ বেগটোত ম'বাইল ফোন লৈ ফুৰে। গতিকে প্ৰমাণ হয় যে ম'বাইল ফোন আজিকালি আৱশ্যকীয়।
               পূৰ্বৰ দিনত যিদৰে কৈছিল জেষ্ঠসকলে 'ছাতি লাঠি টিয়নী নেৰিবা' ; আজিৰ দিনত ইয়াৰ ঠাই লৈছে ম'বাইল ফোনে । সময়মতে পালেগৈ নাই, হস্পিতেলত খবৰ লবলৈ গৈ অৱস্থা কেনেকুৱা দেখিলে, দোকানত বিচাৰি যোৱা বস্তুটো নাপাই তাৰ সলনি কি নিব লাগিব তেনেধৰণৰ জৰুৰী কথাবোৰ তৎক্ষণাৎ সমাধান কৰিব পাৰি। আপোনাৰ হাতত থকা ম'বাইল ফোনটোৰ সৰু কথা এটা কিন্তু তাৰ মহিমা অপাৰ। উদাহৰণস্বৰূপে -- আপোনালোকে চাওঁক,ছোৱালী এজনী অট'ৰিক্সাখনত উঠিল । গধূলি সময়, আন কোনো যাত্ৰী নাছিল ঠাইখনত । তাই নতুন হ'লেও বাট পথ চিনাকি হৈছে। তেওঁ গন্তব্যস্থান যিটো ৰাস্তাৰে যাব লাগে তাই দেখিলে যে সেই ৰাস্তাৰে নগৈ অট'খনে অচিনাকী ৰাস্তাত সোমাইছে ।তাইৰ মনত উপস্থিত বুদ্ধি এটা খেলালে।তৎক্ষণাৎ বেগৰ পৰা ম'বাইলটো উলিয়াই কাণত লৈ ক'লে ---"অ' মা গৈ আছোঁ পাম গৈ এতিয়া ।ভাইটি দাদাক অকণমান ওলাই আহিবলৈ কোৱা।"
তাৰ পিছত দেখিলে তাইৰ চিনাকী ৰাস্তাত অট'খন উঠিল আৰু গন্তব্যস্থানত নামিল।ডাঙৰ-চহৰ, সৰু বৰ নগৰত এনে ঘটনা ঘটি থকা দেখা যায়। এনে এটা ঘটনাই প্ৰমাণ কৰে যে -ম'বাইল এটাৰ উপযোগিতা কিমান।ই বিপদৰ বন্ধু।ই যোগাযোগৰ সৰ্বোত্তম মাধ্যম তথা তাৎক্ষণিক ফল পাব পৰাকৈ এক ব্যৱস্থা । কিন্তু জানিব লাগিব ইয়াৰ ব্যৱহাৰ।
            এগৰাকী ছাত্ৰ হিচাপে মই কওঁ যে ম'বাইল ফোন ছাত্ৰ - ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে আশীৰ্বাদ স্বৰূপ। ম'বাইল APP STOP ত ছাত্ৰ -ছাত্ৰীসকলৰ বাবে শিকাৰ ব্যৱস্থা( learing application) আছে। দৰকাৰী বিষয় এটাৰ ওপৰত বিতং বৰ্ণনা , যিকোনো প্ৰশ্নৰ উত্তৰ বা সাধাৰণ জ্ঞান পাব পাৰে।এই এপ্ বোৰৰ পৰা তাৰ উপকাৰী বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণৰ সময়ত ইউটিউবৰ পৰা বহুত সহায় পাব আৰু ধাৰণা লব পাৰোঁ।
          ম'বাইলত থকা কেলেণ্ডাৰ কেলকুলেটৰ আৰু গেমৰ সুবিধা ছেভ কৰাৰ সুবিধা, সময় চোৱা,এলামৰ সুবিধা আদিয়ে আমাৰ দৈনিক জীৱন সুচল কৰিছে।
      আধুনিক ম'বাইলত থকা GPS এ আমাক ঠাই এখন কোন স্থানত অৱস্থিত জানিবলৈ দিয়ে। ব্যক্তি এজনে নিজে নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে এটা যন্তৰ সহায়ত।


✍️গীতাৰ্থ মজিন্দাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)