এবাৰ মনোহৰে নিজৰ সন্তান অংশুমানক লৈ দূৰ্গা পূজাৰ মেলালৈ ওলাল ৷ ধান বেছি পোৱা দুটামান টকাৰে ঘৰলৈ জিলাপী কিনিব, মানুহজনীলৈ পূজাৰ নামত কিবা এটা আৰু সন্তানলৈ সৰুকৈ এটা খেলনা সামগ্ৰী ৷ পৈত্ৰিক সম্পত্তিসূত্ৰে পোৱা সাতামপুৰুষীয়া বাই-চাইকেল খনৰ ফ্ৰেমত গাৰুটো বান্ধি অংশুমানক বহুৱাই চলাবলৈ লাগিল ৷ গাওঁৰ পৰা কিছুদূৰ গৈ চিনামৰা চাহ বাগিছাত সাৰ্বজনীন দুৰ্গাপূজাৰ লগতে মেলা। পোনে পোনে মনোহৰে মেলা পালেগৈ৷ চাইকেল ষ্টেণ্ডত চাইকেলখন তলাটো মাৰি সন্তানটোক হাতত ধৰি মেলাৰ মাজৰ এখন অস্থায়ী হোটেলত সোমাল ৷ সন্তানটোৱে কি খাব সুধিলত সি চিঙৰা খাম বুলি কলে ৷
যথাসময়ত চিঙৰা প্লেটত আনি দিলত সি খোৱাত ব্যস্ত হৈ পৰিল ৷ তেনেতে মনোহৰৰ জেপত হাত দি টকা কেইটাৰ কথা মনত পেলাল। খেপিয়াই চাই ঠিকেই আছে অনুভৱ কৰিলে৷ লৰাটো খোৱা হলত বিল দিবলৈ কাউন্টাৰত গৈ ধান বেচি পোৱা পাঁচশ টকীয়া নোটখন দি দিলে। দামটো কাটি বাকিখিনি টকা ঘূৰাই দিলত সি হাত পাতি লৈ জেপত ভৰাই ললে৷ ইয়াৰ পিছতে লʼৰাটোৰ বাবে খেলনা সামগ্ৰী কিনিবলৈ অন্য দোকানবোৰত চকু ফুৰাৱলৈ লাগিল ৷
কোনটো কি লʼব সুধিলত পূজাৰ বন্দুক এটা পুতেকে আঙুলিয়াই দিলে। মনোহৰে দোকানীজনক দাম সুধিলত হাজাৰৰ ওপৰত কোৱাত মনোহৰ বিমোৰত পৰিল৷ উপায় নাপাই পুতেকক ক'লে বেটা এইটো বন্দুক নহয় বন্দুকীহে। এইবাৰ পূজাত বন্দুক ওলোৱা নাই বুলি পাৰেমানে বুজাবলৈ লাগি অন্য এখন দোকানলৈ বুলি তাক লৈ গʼল। আন কিবা এটা লʼবলৈ তাক পৰামৰ্শ দিলে। পুতলা চালে পুতলাৰ দাম নিমিলিলে তাক পুতলী, ঘোঁৰা পচন্দ কৰিলে দামে দৰে নিমিলিলে ঘোঁৰী বুলি কৈ তাক বুজাবলৈ লাগিল ৷ কাৰণ টকা মাত্ৰ পাঁচশহে মনোহৰে ঘৰৰ পৰা আনিছিল। সন্তানেও নামানে শেষত বেলেগ এদিনাখন তাক এইবোৰ কিনি দিয়াৰ প্ৰতিশ্ৰুতি দি ঘৰলৈ উভতিব ললে৷
পিছে ল'ৰাই নেৰানেপেৰা কৈ যেন অঁকৰাই মৈ-ত উঠা দি উঠিল৷ সি বোলে কিনি নিদিলে ঘৰলৈ নাযায় ৷ জোৰকৈ হাতত ধৰি তাক নিৱলৈ চেষ্টা কৰাত সি কান্দি কান্দি চিঞঁৰি উঠিল-"পাপা , তুমিও পাপা নহয়, পাপী…তু…মি…ও…পাপী৷"
মনোহৰৰ মুখখন হঠাৎ কেহেঁৰাজ বৰণ হৈ তলমূৰ হৈ ৰʼল ৷ এক যেন মনত অজান বিষাদেৰে ভৰি ৰ'ল ৷
✍️জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
ভ্ৰাম্যভাষ: ৯৩৬৫০০৮৩৪৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ