বাগৰি বাগৰি
নিস্ব, নে আঢ্যৱন্ত
সেইয়া প্ৰশ্ন আৰু
প্ৰশ্নয়েই !
মোৰো হৈছিল ওঁঠৰ
শতিকাৰ নাট কৰি কৰি,
ডাৰউইন , নিউটনৰ সূত্ৰ
খেদি খেদি
মোৰো হৈছিল ওঁঠৰ
আকাশ চাই চাই
লৈ মুখত অকপট হাঁহি !
এতিয়া ওঁঠৰ হৈছে
মই হৈ পৰিছোঁ
এটি ৰঙীন হৃদয়ধাৰী একৰঙী আত্মা
জগত চিনিছোঁ; আৰু মানুহো
মোক ? চিনিব নোৱাৰা হৈছোঁ,
মই যে নিশৱদ !
আকৌ মই যে ৰৌজাল - বৌজাল কৰা
নিত্য পক্ষী
আচলতে এই ওঁঠৰ কি ?
এটা বয়স নে..
নে নিৰ্ভীক
অথচ
নিৰৰ্থক সাৰ্থকতা
নে মনৰ তৰুণ ৰ’দ (?)
✍️সুশান্ত দাস, শিৱসাগৰ।
যোগাযোগ: ৯১২৭২৪৭৫১৯
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ