আটকধুনীয়া বাৰান্দা
য'ত আছে এটা টাব
আৰু এখন আৰামী চকী
চকীখনত বহি মই
উপভোগ কৰো
ৰাতিপুৱাৰ কোমল ৰ'দ
আৰু ৰাতিৰ জোনাক।
যি ৰ'দ আৰু জোনাক
সিঁচৰতি হয় বাৰান্দাখনৰ চুকে কোণে
কিন্তু থমকি ৰয় দুৱাৰখনত
মিঠা ৰ'দত ঠন ধৰি উঠে
টাবৰ ফুলপাহ
লহপহকৈ বাঢ়িব ধৰে
সপোনৰ আঙুৰলতা ।
বাৰান্দাত আওজাই থোৱা
চাইকেলখন লৈ
যেতিয়া ঘূৰি ফুৰোঁ
তেতিয়া হঠাৎ পকেটত থকা
মোবাইলটো বাজি উঠে
মোক ঘৰখনে মাতে
ভগ্ন পথেৰে উভতি আহি
মোৰ আটকধুনীয়া বাৰান্দাখন গচকি
জীৰ্ণ-সীৰ্ণ ঘৰখনত সোমাও
আৰু চাইকেলখন তলা মাৰি থওঁ
লগে লগে সপোনবোৰে উচপিচায়
আকাশখন হেৰায়
আৰু ৰাতিৰ এন্ধাৰত
নিৰুদ্দিষ্ট হয়
হৃদয় দোলনাত দুলি থকা
সপোনবোৰ।
✍️ধনঞ্জয় দাস
পাঁচমাইল, তেজপুৰ
ভ্ৰাম্যভাষ: ৯৯৫৭১১৮৩৩১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ