মৰমৰ জিলা মোৰ মৰিগাঁও,
মনে-প্ৰাণে তোমাকে ভাল পাওঁ।
তুমিয়েই মোৰ জন্মভূমি,
তুমিয়েই মোৰ কৰ্মভূমি।
মৰমৰ জিলা মোৰ মৰিগাঁও,
মনে-প্ৰাণে তোমাকে ভাল পাওঁ।
দিঠকে-সপোনে তোমাৰে উন্নয়ন
মোৰ জীৱন পণ।
মৰমৰ জিলা মোৰ মৰিগাঁও,
মনে-প্ৰাণে তোমাকে ভাল পাওঁ।
তোমাৰ মহিমা, তোমাৰ
ঐতিহ্যৰ নাই পাৰাপাৰ।
মৰমৰ জিলা মোৰ মৰিগাঁও,
মনে-প্ৰাণে তোমাকে ভাল পাওঁ।
তোমাৰ বুকুতে লৈ জনম
কত মহাত্মাই উজ্বলাইছে অসম।
মৰমৰ জিলা মোৰ মৰিগাঁও,
মনে-প্ৰাণে তোমাকে ভাল পাওঁ।
ধৰিত্ৰী আই থাকে মানে
থাকিবা তুমি হৃদয়ে হৃদয়ে।
মৰমৰ জিলা মোৰ মৰিগাঁও,
মনে-প্ৰাণে তোমাকে ভাল পাওঁ।
✍️মুহাম্মাদ আফজাল
মৈৰাবাৰী, মৰিগাঁও
ভ্ৰাম্যভাষঃ ৯৫০৮১-৫৩৮০২
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ