দূবৰিৰ নিয়ৰত দুভৰি তিতি
খৰখেদাকৈ আহোতে উজুতি খাই পৰোতে
তুমি বৰ দুখ পাইছিলা ন?
উহ্! মইযে কি? তোমাক এবাৰো
তুলি ধৰাৰ চেষ্টাই নকৰিলোঁ।
সেয়ে চাগে শুকুলা মেঘৰ দৰে
অভিমানবোৰ দুলি ফুৰে পলে-অনুপলে।
জানা, কেতিয়াবা আপোনজনে অভিমান কৰিলে
বৰ ভাল লাগে।
অভিমানৰ ঠেহ ভাঙি চকুত চকু ৰাখি
মৰমবোৰে খিলখিলাই হাঁহে ।
যেন কঁহুৱা কোমল মন
শুৱনি কৰে নদী পাৰৰ সেউজীয়া বন।
শৰতৰ পূৰ্ণিমাৰ জোনাক ৰাতি
নীলিম আকাশৰ তলত বহি।
তৰালিয়ে বুটা বচা নিয়ৰৰ দলিচাখন
নিবিচাৰোঁ মই আজিকালি।
নিবিচাৰোঁ অমিয়া সুৰ, নাহক হিয়া উথলি
ছাইৰঙী ধুমুহাজাকে নকৰক কাৰোৰে আলাই-আথানি।
সদায় ৰং ভাল পাবলৈ শিকোৱা তুমি
ভালপোৱা গোলাপী ওঁঠৰ মিচিকীয়া হাঁহি।
তুমি বিচাৰিলেও মই পলাশী হ'ব নোৱাৰিম জানা!
এতিয়াতো মই শুভ্ৰবস্ত্ৰ পৰিহিতা।
এইয়া বোলে সমাজত চলি অহা পৰম্পৰা
জাপৰ ৰঙীন কাপোৰবোৰ জাপতে থাকক দিয়া।
তুমি মাথো অন্ধকাৰৰ মাজতো জিলিকি থাকি
দূৰৈৰ পৰা বাট দেখুৱাবা ।
✍️মিনাক্ষী দত্ত
মাছখোৱা, ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ